NORTHEAST NOW (Assamese)
অসম

চিকিৎসালয়লৈ নিয়াৰ পথত টুলুঙা নাৱতেই মৃত্যু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ

Posted by: মিটু খাটনিয়াৰ October 12, 2018 2:41 pm
MAJULI PATIENT DEAD 7

লখিমপুৰ জিলাৰ অন্তৰ্গত লোহিত খাৱলো পঞ্চায়তৰ অন্তৰ্গত লোহিত খাৱলোত সংঘটিত হ’ল পুনৰ এক হৃদয় বিদাৰক ঘটনা। চিকিৎসাৰ বাবে টুলুঙা নাৱেৰে মাজুলীৰ গড়মূৰ চিকিৎসালয়লৈ আনি থকা অৱস্থাত সোৱণশিৰি নদীত টুলুঙা নাৱৰ ওপৰতেই মৃত্যু হয় অৱসৰপ্ৰাপ্ত শিক্ষক শশীধৰ পায়েঙৰ।

বিধ্বস্ত যাতায়াত ব্যৱস্থাই জুৰুলা কৰা বৃহত্তৰ অঞ্চলটোত ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে এনে ধৰণৰ হৃদয় বিদাৰক ঘটনা। একৈশ শতিকাৰ সমাজত প্ৰশাসন, চৰকাৰ লজ্জানত হ’বলগীয়া এই ঘটনাসমুহৰ বাতৰি পৰিবেশন কৰি অহাৰ পিছতো কিন্তু এই অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই পৰিৱৰ্তনৰ শ্লোগান দি ক্ষমতালৈ অহা চৰকাৰখনে।

যাতায়াতৰ অসুবিধাত জীৱন মৰণৰ এই যুঁজত প্ৰায়েই অঞ্চলটোৰ দূৰ্ভগীয়া বাসিন্দাসকলে হাৰ মানিবলগীয়া হয়।

আজি দুমাহৰ পূৰ্বে শশীধৰ পায়েঙৰ পুত্ৰ গড়মূৰ পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ প্ৰবক্তা সুশীল পায়েঙকো চিকিৎসালয়লৈ অনাৰ পৰত বাটতে মৃত্যু হৈছিল। আজি পিতৃৰো সেই একেই দশা হল। উচ্চ ৰক্তচাপত ভোগা শশীধৰ পায়েঙে এনেদৰেই নাৱৰ ওপৰত মৃত্যুক আকোৱালি ল’ব লগা ঘটনাই শোকদগ্ধ কৰি তুলিছে অঞ্চলবাসীক।