NORTHEAST NOW (Assamese)

চিৰাং জিলাৰ বিষ্ণুপুৰত এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ; অবাধ বন ধ্বংসৰ বাবেই বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি

February 24, 2020 7:01 pm · ইয়াছিন আলী
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত বিষ্ণুপুৰ অঞ্চলত মানাহৰ পৰা ওলাই অহা গড়েঁ মুকলি বিচৰণ কৰা দেখা গৈছে।

যোৱা পাঁচদিন ধৰি মানাহ অভয়াৰণ্যৰ পৰা ওলাই আহি কেবাজনো লোকৰ ঘৰৰ আচবাব পাত্ৰ আদি ক্ষতি কৰিছে বুলি জানিব পৰা গৈছে ।

সন্দেহ হয় যে প্ৰজননৰ বাবে মানাহৰ পৰা ওলাই অহা গঁড়টো শুক্ৰবাৰেই জনাঞ্চলত অঞ্চলত প্ৰৱেশ কৰিছিল।

আজি বন বিভাগে খেদি পাণবাৰী আৰু কোকলুং অঞ্চলৰ মাজত থকা বনত সোমোৱাবলৈ চেষ্টা কৰে যদিও বাতৰি যুগুত কৰি থকা পৰলৈকে গঁড়টো নিবলৈ সক্ষম হোৱা নাই।

গঁড়টোৰ শৰীৰত আঘাতৰ চিন থকাৰ সন্দেহ কৰিছে বন বিভাগে।

আনহাতে কোনোবা দুৰ্বৃত্তই গুলী কৰি আঘাত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। যিকোনো সময়ত পুনৰ জনাঞ্চলত সোমাব পাৰে গড়টো।

সেয়ে বন বিভাগে কটকটীয়া নিৰাপত্তা প্ৰদান কৰিছে গঁড়টোক।

উল্লেখ্য যে মানাহৰ গড়সমূহ বাশবাৰী বনাঞ্চলতহে থাকে যদিও প্ৰায়ে ওলাই আহি চিৰাঙৰ পাণবাৰী বা কুকলং বনাঞ্চলত সোমোৱাৰ লগে লগে নিৰাপত্তাহীনতাত পৰিবলগীয়া হয়।

সেয়ে বন বিভাগে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলগীয়া হৈছে। অবাধ বন ধ্বংসৰ বাবেই গঁড়সমূহ বনাঞ্চল এৰি জনাঞ্চল লৈ আহাৰ সন্দেহ কৰিছে ৰাইজে।

Related News