NORTHEAST NOW (Assamese)

যোৰহাটত লোমহৰ্ষক হত্যাকাণ্ড: দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰিলে চিকিৎসকক

September 5, 2020 12:41 pm · এন ই নাও নিউজ
ডাঃ ৰাহুল বসুমতাৰী।ফাইল ফটো

যোৰহাটত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে।

অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিছে এজন কনিষ্ঠ চিকিৎসকক।

যোৰহাটৰ চন্দন নগৰৰ ৪ নং উপপথত সংঘটিত হৈছে এই ঘটনা।

শনিবাৰে কোঠাৰ ভিতৰত উদ্ধাৰ হৈছে চিকিৎসকজনৰ মৃতদেহ।

মৃত চিকিৎসকজনৰ নাম ডাঃ ৰাহুল বসুমতাৰী।

তেওঁৰ ঘৰ ওদালগুৰিত বুলি জানিব পৰা গৈছে।

যোৰহাটৰ জে কে মেমোৰিয়েল হোমিঅ’পেথিক মহাবিদ্যালয়ত ইন্টাৰ্ণশ্বিপ কৰি আছিল ডাঃ বসুমতাৰীয়ে।

পাচলি কটা কটাৰিৰে তেওঁক ডিঙি ৰেপি হত্যা কৰা হৈছে বুলি জানিব পৰা গৈছে।

শোৱনি কোঠাৰ মজিয়াত উদ্ধাৰ হৈছে কনিষ্ঠ চিকিৎসকজনৰ তেজেৰে লুতুৰি পুতৰি হৈ থকা মৃতদেহ।

আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি শুকুৰবাৰে পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা।

ইপিনে হত্যাকাৰীয়ে লৈ গৈছে ডাঃ ৰাহুল বসুমতাৰীৰ এ এছ ০৩ ৱাই ৮২৮১ নম্বৰৰ থান্ডাৰ্বাড মটৰ চাইকেলখনো।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানে কাকো আটক কৰা নাই।

Related News