NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ বামুণীৰ মথৌখাটত সাত বছৰীয়া কন্যা শিশুৰ লোমহৰ্ষক হত্যাকাণ্ড

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ October 19, 2021 10:27 am
Murder of girl

Brutal murder কলিয়াবৰৰ বামুণীৰ মথৌখাটত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। এগৰাকী সাত বছৰীয়া কন্যা শিশুক হত্যা কৰে কোনো দুৰ্বৃত্তই।

নিহত কন্যা শিশু গৰাকী ৰূপালী ৰবিদাস বুলি চিনাক্ত কৰা হৈছে।

সোমবাৰে বিয়লি ঘৰৰ সন্মুখত থকা বজৰং শিলৰ কোৱেৰীত উদ্ধাৰ হৈছে কন্যা শিশুটিৰ মৃতদেহ।

কোৱেৰীটোৰ শৌচালয়ত উদ্ধাৰ হয় মৃতদেহটো। দেহৰ বিভিন্ন স্থানত চোকা অস্ত্ৰৰ আাঘাতৰ চিন স্পষ্ট।

ঘটনাস্থলীত মিছা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমান সময়লৈ কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

আনহাতে, মৃতদেহটো মিছা আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।