NORTHEAST NOW (Assamese)
অসম

৬ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যা; এজনক গ্ৰেপ্তাৰ

Posted by: তন্ময় চক্ৰৱৰ্তি Updated by: তন্ময় চক্ৰৱৰ্তি February 21, 2020 10:37 am
Minor-rape-and-murder-750x375

ত্ৰিপুৰাত সংঘটিত হৈছে এক জঘণ্য ঘটনা। এটি ৬ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাই দক্ষিণ ত্ৰিপুৰা জিলাৰ কাৰবাক অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যোৱা বুধবাৰে সন্ধিয়া অনাথ বন্ধু পাৰা অঞ্চলৰ পৰা হঠাতে নিৰুদ্দেশ হৈছিল শিশুটি। নিশাই শিশুটিৰ পিতৃয়ে আৰক্ষীক এই সকলো কথা অৱগত কৰে।

নিৰুদ্দেশৰ খবৰ পোৱাৰ লগে লগে SDPO ৰাজু ৰিয়াং আৰু আৰক্ষীৰ দলে অনুসন্ধান তীব্ৰতৰ কৰি তোলে যদিও সন্ধান উলিওৱাত ব্যৰ্থ হয়।

এদিন সম্পূৰ্ণৰূপে নিৰুদ্দেশ হৈ থকাৰ পিছত যোৱা নিশা গাঁৱৰ লোকে অনুসন্ধান চলাই ওচৰৰে এখন ৰবৰৰ বাগানৰ পৰা শিশুটিৰ মৃতদেহ নগ্ন অৱস্থাত উদ্ধাৰ কৰে।

গাঁওবাসীয়ে লগে লগে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

মৰণোত্তৰ পৰীক্ষা আজি সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে।

প্ৰথমে ধৰ্ষণ আৰু তাৰ পিছত হত্যা কৰি মৃতদেহটো ৰবৰৰ বাগানত পেলাই থৈ যোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কাছাকলা ত্ৰিপুৰা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।