NORTHEAST NOW (Assamese)
অসম

নামৰূপৰ বিভিন্ন প্ৰতিষ্ঠানৰ খালী পদ পূৰণৰ দাবীত এগৰাকী ছাত্ৰৰ একাকী অনশন কাৰ্যসূচী

Posted by: অক্ষয় প্ৰণব কলিতা August 28, 2018 9:47 pm
IMG-20180828-WA0073

দিবাকৰ বৰা থেংগাল নামৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষাৰ পৰা ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ  এগৰাকীয়ে ৪৮ ঘণ্টীয়া একাকী অনশন কাৰ্যসূচী পালন কৰে। দিবাকৰ বৰাৰ ঘৰ নাহৰকটীয়াৰ সেউজ নগৰত।

ছাত্ৰগৰাকীৰ প্ৰধান দাবী হৈছে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কোম্পানী লিমিটেডৰ চতুৰ্থটো কাৰখানা স্থান কৰা আৰু এপিজিচিএল, এপিডিচিএল এইজিচিএলৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদসমূহ পূৰণ কৰাৰ লগতে নামৰূপ নিয়োগ বিনিময় কেন্দ্ৰত খালী থকা পদসমূহ পূৰণ দাবীত অনশন কাৰ্যসূচী পালন কৰে। নামৰূপ-সোণাৰি তিনিআলিত কালি আবেলি ২-০০ বজাৰ পৰা তেওঁ এই অনশন আৰম্ভ কৰিছিল।

নাহৰকটীয়াৰ স্থানীয় বিধায়ক নৰেন সোণোৱালে ছাত্ৰগৰাকীৰ অনশনস্থলী ভ্ৰমণ কৰে। অগপৰ আঞ্চলিক সমিতি, অগপৰ যুৱ পৰিষদ, আছুৰ আঞ্চলিক সমিতি, ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণব কুমাৰ ভট্টাচাৰ্যয়ো দিবাকৰ বৰাক সাক্ষাৎ কৰে।