NORTHEAST NOW (Assamese)

তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা বাবে বজালীত চৰম পন্থা বাচি ল’লে এগৰাকী ছাত্ৰীয়ে…

April 30, 2025 6:28 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 30, 2025 6:29 pm

আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ পাছতে চৰম সিদ্ধান্ত বাচি ল’লে পাঠশালাৰ এগৰাকী ছাত্ৰীয়ে।

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিল ছাত্ৰীগৰাকী।

আশা কৰা ধৰণে ফলাফল লাভ নকৰাত নিজ বাসগৃহতে জীৱনৰ চৰম পথ বাচি লয় ছাত্ৰীগৰাকীয়ে।

লগৰ সমনীয়া বান্ধবীগৰাকীয়ে প্ৰথম স্থান লাভ কৰাৰ বাবে মানসিকভাৱে ভাগি পৰিছিল ছাত্ৰীগৰাকী।

ছাত্ৰীগৰাকীৰ মৃতদেহ পাঠশালা অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।

ঘটনাৰ পাছতে ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হয়।

এই ঘটনাৰ পাছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ বজালীত।

Related News