NORTHEAST NOW (Assamese)
অসম

৮২ ফুট দৈৰ্ঘ আৰু ওজন ১লাখ কিলোগ্ৰাম; কেমেৰাত বন্দী বিশ্বৰ আটাইতকৈ বৃহৎ প্ৰাণী!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2020 2:20 pm
WhatsApp Image 2020-09-06 at 12.53.38 PM

অষ্ট্ৰেলিয়াৰ ছিডনি চহৰৰ সাগৰৰ পাৰৰ সমীপত কেমেৰাত বন্দী হ’ল বিশ্বৰ আটাইতকৈ বৃহৎ প্ৰাণী।

বাতৰি অনুসৰি, এই বৃহৎ প্ৰাণীটোৰ দৈৰ্ঘ ৮২ ফুট আৰু ইয়াৰ ওজন প্ৰায় ১ লাখ কিলোগ্ৰাম হ’ব বুলি কোৱা হৈছে।

ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি, বিশ্বৰ আটাইতকৈ বৃহৎ প্ৰাণীটোৰ নাম ব্লু হোৱেল (নীলা তিমি)। এই  ফুটেজ অত্যন্ত বিৰল বুলি কোৱা হৈছে।

কেমেৰাত বন্দী হোৱা এই ছবি @seansperception ইনষ্টাগ্ৰাম নামত এগৰাকী য়ুজাৰে যোৱা ১৮ আগষ্টত আপলোড কৰিছিল যদিও ইয়াৰ ভিডিঅ’ এতিয়াহে দ্ৰুতভাৱে ভাইৰেল হৈ পৰিছে।

ব্লু হোৱেল ভূপৃষ্ঠত কমেই দেখা পোৱা যায় আৰু ইয়াক দেখিবলৈ পোৱাটো একেবাৰে দুৰ্লভ বুলি গণ্য কৰা হয়।

ব্লু হোৱেলৰ এই ভিডিঅ’টো আকাশ মাৰ্গৰ পৰা গ্ৰহণ ৰেকৰ্ড কৰা হৈছিল।

বুল্ হোৱেল সাগৰৰ পাৰৰ বহু দূৰত থাকে আৰু ইয়াৰ সংখ্যা বহুত বৃহৎ অঞ্চলজুৰি বিয়পি থাকে। তদুপৰি, ইয়াৰ প্ৰব্ৰজন তথা থকা স্থানৰ বিষয়ে বহুত কম তথ্যহে পোৱা যায়।

ব্লু হোৱেলে প্ৰতিদিনে ৩৬ হাজাৰ কিলোগ্ৰাম পৰ্যন্ত খাদ্য খায় আৰু তেওঁলোকৰ খাদ্য ভিতৰত অধিক মাছেই থাকে।

তথ্য অনুসৰি, ব্লু হোৱেলৰ জিভাখন এটা হাতীৰ সমান আৰু ইয়াৰ কলিজাটো এখন কাৰৰ সমান।