NORTHEAST NOW (Assamese)
অসম

চোৰাং চিকাৰীৰ ঘৰৰ পৰা উদ্ধাৰ নগদ ধন ৭০ হাজাৰ টকাসহ এটিএম, পাছবুক

Posted by: কাজি জেইদুল ইছলাম August 30, 2018 7:49 pm
Screenshot_20180830-190025-01

চলিত  বৰ্ষত শিলডুবিত সংঘটিত হোৱা গঁড় হত্যাৰ মুল খলনায়ক মিৰ্জাদ আলী ওৰফে মিৰ্জাৰ ঘৰত যোৱা কালি বিশেষ সুত্ৰৰ পম খেদি কাজিৰঙাৰ ষষ্ঠ সংস্কৰণৰ অন্তৰ্গত নৰ্ডান ৰেঞ্জৰ বন বিষয়াসকলে এটা বিশেষ অভিযান চলাইছিল।

বন বিভাগৰ এই বিশেষ অভিযানটোৰ পূৰ্বানুমান কৰি চোৰাং চিকাৰীজনে ঘৰৰ পৰা পলাই যোৱাত তেওঁক কৰায়ত্ব কৰাত বন বিষয়াৰ অভিযানকাৰী দলটো সক্ষম নহ’ল।

এই বন বিভাগৰ এই অভিযানটোত চোৰাং চিকাৰীজনক কৰায়ত্ত কৰাটো সম্ভৱ নহ’ল যদিওঁ চোৰাং চিকাৰীজনৰ ঘৰৰ পৰা গঁড়ৰ খড়গ বিক্ৰী কৰি পোৱা নগদ ৭০ হাজাৰ টকা সহ এখন এটিএম কাৰ্ড,  এইচ্চডিএফচি বেংকৰ এখন পাছবুক আৰু এটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটো।

বন এই অভিযানত নগদ ধনসহ সামগ্ৰী সমুহ জব্দ কৰিবলৈ সক্ষম হৈছে বৰ্তমান পলাতক অৱস্থাত থকা ‘মাষ্টাৰ মাইণ্ড’ মিৰ্জাদ আলি অতি কৰায়ত্ত কৰিবলৈ ইতিমধ্যে বন বিভাগ তৎপৰ হৈ পৰিছে।