NORTHEAST NOW (Assamese)
অসম

কৰ্কটৰ যুগান্তকাৰী গৱেষণাত আইআইটি গুৱাহাটীৰ গৱেষকৰ সাফল্য

Posted by: এন ই নাও নিউজ November 28, 2018 5:26 pm
image-cancer

কৰ্কটৰ ওপৰত গুৰুত্বপূৰ্ণ গৱেষণাপত্ৰ প্ৰকাশ কৰিছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ বৈজ্ঞানিকসকলে। এই গৱেষণাপত্ৰখনত উৎপত্তিস্থানৰ পৰা ফালৰি কাটি যোৱা কৰ্কট কোষৰ স্থান পৰিৱৰ্তন (metastatic cancer cells) প্ৰদৰ্শন কৰা হৈছে আৰু এয়া হৈছে কৰ্কটৰ গৱেষণাৰ ক্ষেত্ৰত এটা অতি গুৰুত্বপূৰ্ণ আৱিষ্কাৰ।

এই গৱেষণা সম্পন্ন কৰিছিল প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানটোৰ সঞ্চালক গৌতম বিশ্বাস, তেওঁৰ সহযোগী জৈৱবিজ্ঞান আৰু জৈৱআভিযান্ত্ৰিক বিভাগৰ অধ্যাপক সিদ্ধাৰ্থ শংকৰ ঘোষ আৰু মেকানিকেল ইঞ্জিনীয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক অমৰেশ দালালে। তেওঁলোকক সহযোগ কৰিছিল গৱেষণাৰ শিক্ষাৰ্থী বিনীতা নাথ আৰু আছিফ ৰাজাই।

‘টাইমছ অব ইণ্ডিয়া’ত প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশ পাইছে যে এই গৱেষণা অতি ঠেক মাইক্ৰচেনেলত সক্ৰিয় অৱস্থাত থকা কৰ্কট কোষৰ চলন প্ৰদৰ্শন কৰা হৈছিল।

কৰ্কট কোষ কেনেদৰে মানৱ শৰীৰৰ ক্ষুদ্ৰ কৈশিকাসমূহৰ (উপশিৰা) মাজেৰে গৈ সেইসমূহ বিকৃত কৰে আৰু কৰ্কট কোষসমূহ বৰ্তি থাকে এই গৱেষণাত তাক দেখুওৱা হৈছে।

কৰ্কটৰ বহুকোষীয় সমষ্টিসমূহ হৈছে আঁতৰত থকা অংগসমূহলৈ কৰ্কট কোষ পৰিচলনৰ কাৰক আৰু এইসমূহে দেহত কৰ্কট বিয়পাই দিব পাৰে।

পূৰ্বে এই কথা অনুমান কৰা হৈছিল যে কৰ্কট কোষসমূহ হাওফাওৰ কৈশিকাৰ নিচিনা ক্ষুদ্ৰ কৈশিকাৰে পাৰ হৈ আন আন অংগলৈ বিয়পি যাব যাব নোৱাৰে কাৰণ কৰ্কট কোষৰ আকৃতি ডাঙৰ।

এই গৱেষণাত লাভ কৰা সিদ্ধান্ত এখন অন লাইনযোগে উপলব্ধ বিজ্ঞান আলোচনীত প্ৰকাশিত হৈছে। আলোচনীখনে  প্ৰাকৃতিক আৰু নৈদানিক বিজ্ঞান ক্ষেত্ৰৰ প্ৰথমিক আৰু বৈজ্ঞানিকভাৱে বৈধতাপ্ৰাপ্ত প্ৰৱন্ধ প্ৰকাশ কৰে।