NORTHEAST NOW (Assamese)

টীয়কত যোৰহাট জিলা চাইল্ড লাইনৰ দলৰ শিশু শ্ৰমিক উদ্ধাৰ

February 26, 2020 7:37 am · নিৰ্মলানেন্দু পাঠক
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।উৎস-ইণ্টাৰনেট

যোৰহাট জিলা চাইল্ড লাইনৰ এটা সজাতি দলে মঙলবাৰে যোৰহাট জিলাৰ টীয়ক নগৰৰ ২ নং ৱাৰ্ডৰ গুৱালগাঁৱৰ সমীপৰ এজন ব্যক্তিৰ ঘৰৰ পৰা এটি শিশু শ্ৰমিক উদ্ধাৰ কৰে।

উদ্ধাৰৰ পিছতেই যোৰহাট শিশু কেন্দ্ৰলৈ লৈ অহা শিশুটিক আজি শিশু কল্যাণ সমিতিত হাজিৰ কৰিব বুলি চাইল্ড লাইনৰ দলটোৱে জানিবলৈ দিয়ে।

উল্লেখ্য যে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত সজাতি দলটোৱে অভিযান চলাই উক্ত ব্যক্তি জনৰ ঘৰৰ ভিতৰত উদ্ধাৰ কৰে শিশুটিক।

অৱশ্যে উক্ত সময়ত শিশুটিৰ পেহীয়েক আৰু আইতাক সেইখন ঘৰত উপস্থিত আছিল যদিও অভিভাৱক অনুপস্থিত হোৱাৰ হেতুকে ৰহস্যৰ গোন্ধ পাই শিশুটিক জিলা চাইল্ড লাইনৰ দলটোৱে যোৰহাটলৈ লৈ গৈছে বুলি জানিব পৰা গৈছে।

অৱশ্যে গৃহটোৰ স্বত্বাধিকাৰীয়ে শিশু শ্ৰমিক ৰখাৰ ঘটনাটো সম্পূৰ্ণভাৱে অস্বীকাৰ কৰিছে। ঘটনাটোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে টীয়কত।

Related News