NORTHEAST NOW (Assamese)

ঘাঁহী ভাটিকুৰিৰ পৰা সন্ধানহীন বিমান টকবি নামৰ এগৰাকী চেমনীয়া ছাত্ৰ

November 20, 2018 4:20 pm · মিণ্টু দাস
নগাঁৱৰ ঘাঁহীৰ ভাটিকুৰিৰ পৰা সন্ধানহীন ছাত্ৰ বিমান টকবি।

নগাঁও জিলাৰ ঘাঁহী ভাটিকুৰিৰ মালা বৰাৰ ঘৰত থাকি পঢ়া-শুনা কৰা বিমান টকবি নামৰ ছাত্ৰজন যোৱা পাঁচ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে। ঘাঁহী ভাটিকুৰি বালিকা প্ৰাথমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনৰ প্ৰকৃত ঘৰ কাৰ্বি আংলং জিলাত।

মালা বৰাৰ তত্বাৱধানত থাকি পঢ়া-শুনা কৰা ছাত্ৰজন নিখোঁ‌জ হোৱাৰ বিষয়ে ইতিমধ্যে ৰহা আৰক্ষী থানাতো এজাহাৰ দাখিল কৰা হৈছে।

ছাত্ৰজনৰ কাৰ্বি আংলঙৰ পৰিয়ালৰ লগতে শৈক্ষিক অভিভাৱক মালা বৰাৰ আত্মীয়-স্বজনে বহু বিচাৰ-খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে নিৰুদিষ্ট ছাত্ৰজনৰ কোনো সম্ভেদ পোৱা নাই।

আনহাতে, চেমনীয়া এই ছাত্ৰজন নিৰুদ্দিষ্ট হোৱা বিষয়টোত আৰক্ষীয়েও কোনো সম্ভেদ উলিয়াব পৰা নাই। ছাত্ৰজন নিৰুদ্দিষ্ট হোৱাৰ পাছত ছাত্ৰজনৰ পৰিয়ালৰ লগতে তত্বাৱধায়ক হিচাপে ছাত্ৰজনক লগত ৰখা মালা বৰাও মৰ্মাহত হৈ পৰিছে।

কোনো লোকে ছাত্ৰজনৰ সন্ধান লাভ কৰিলে 60003 – 83785 এই ফোন নম্বৰটোত যোগাযোগ কৰিবলৈ পৰিয়ালৰ ফালৰ পৰা অনুৰোধ জনাইছে।

Related News