NORTHEAST NOW (Assamese)

তিনিচুকীয়া ৰে’ল ষ্টেশ্যনৰ পৰা সন্ধানহীন কিশোৰী

October 16, 2019 7:52 pm · মানস প্ৰতিম গগৈ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মনীষা দাস নামৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীৰ ৰহস্যজনক নিৰুদেশক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

শনিবাৰ অৰ্থাৎ ১২ অক্টোবৰৰ পৰা তিনিচুকীয়া ৰে’ল ষ্টেশ্যনৰ পৰা সন্ধানহীন হৈ আছে কিশোৰী গৰাকী। কিশোৰী গৰাকীক মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত ভিনাৰমিলৰ মনীষা দাস (১৫) বুলি চিনাক্ত কৰা হৈছে।

নিৰুদিষ্ট কিশোৰী গৰাকী মাৰ্ঘেৰিটা পাবলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল। কিশোৰী গৰাকীৰ সৈতে পৰিয়ালৰ লোকৰ অন্তিমবাৰ তিনিচুকীয়া ৰে’ল ষ্টেশ্যনত থাকোতে যোগাযোগ হৈছিল।

ইফালে ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে কিশোৰীগৰাকীৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

Related News