NORTHEAST NOW (Assamese)
অসম

মৰ্মান্তিক! খেলি থকাৰ অৱস্থাতে মাকৰ চাদৰত চিপ লাগি মৃত্যু খুমটাইৰ কিশোৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 12, 2023 10:04 pm
মৰ্মান্তিক! খেলি থকাৰ অৱস্থাতে মাকৰ চাদৰত চিপ লাগি মৃত্যু খুমটাইৰ কিশোৰৰ

মঙলবাৰে পুৱাৰ ভাগত গোলাঘাট জিলাৰ খুমটাইত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা।

মঙলবাৰে পুৱা খুমটাই সমষ্টিৰ মৌখোৱা অঞ্চলৰ জুলফিকৰ আহমেদ নামৰ ১১ বছৰীয়া এটি কিশোৰ বিদ্যালয়লৈ যাবলৈ ওলাইছিল। বিদ্যালয়লৈ যাবলৈ ওলাই ঐক্যবসন পৰিধান কৰি ঘৰৰ দুৱাৰ বন্ধ কৰি মাকৰ এখন চাদৰেৰে খেলি থাকোঁতেই খিৰিকীৰ গ্ৰীলত চিপ লাগি মৃত্যুক সাৱটি লয় কণমাণি কিশোৰটিয়ে।

জানিব পৰা অনুসৰি মৃত কিশোৰটি ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। শিশুটিৰ পিতৃ জামাল আহমেদ কৰ্মসূত্ৰে কাৰ্বি আংলঙত থাকে।

কিশোৰটি বিদ্যালয়লৈ যাবলৈ সাজু হোৱাৰ সময়ত কিশোৰটিৰ মাতৃয়ে ওচৰৰ এঘৰলৈ গাখীৰ আনিবৰ বাবে ওলাই যায়। সেই সময়তে কিশোৰটিৰ বায়েকো কলেজলৈ বুলি ওলাই যায়। তেনে অৱস্থাতে সংহটিত হয় এই মৰ্মান্তিক ঘটনাটো।

কিছু সময়ৰ পিছত ঘৰৰ মানুহে ঘটনাটো প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰিয়াই দুৱাৰ ভাঙি শিশুটিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয় পোৱাৰ পিছত চিকিৎসকে কিশোৰটিক মৃত ঘোষণা কৰে।

ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে শিশুটিক যোৰহাট চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

শিশুটিৰ অনাহুত মৃত্যুত গোটেই অঞ্চলত শোকৰ ছাঁ পৰাৰ লগতে পৰিয়ালটোতো এক হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে।