NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত ৰক্তদানৰ পাছতে ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ জোৱানৰ মৃত্যু

November 26, 2019 7:30 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছ (টি এছ আৰ)ৰ পঞ্চম বেটেলিয়নে আয়োজন কৰা এটা ৰক্তদান শিৱিৰত ৰক্তদান কৰাৰ পাছতে টি এছ আৰৰ এগৰাকী জোৱানে মৃত্যুক সাৱতি ল’বলগীয়া হয়।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, টি এছ আৰৰ পঞ্চম বেটেলিয়নে দক্ষিণ ত্ৰিপুৰাত সোমবাৰে আয়োজন কৰা ৰক্তদান শিৱিৰত ৰক্তদান কৰাৰ পাছতে টি এছ আৰৰ ৪১ বছৰীয়া জোৱান দুলাল সৰকাৰৰ মগজুৰ পক্ষাঘাতৰ ফলত মৃত্যু হয়।

মৃত্যুৰ সময়ত সৰকাৰে পত্নী আৰু ১২ বছৰীয়া পুত্ৰক ইহ সংসাৰত এৰি থৈ যায়।

সোমবাৰে আয়োজিত ৰক্তদান শিৱিৰটোত ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ প্ৰায় ১১৫ গৰাকী জোৱানে স্বেচ্ছামূলক ৰক্তদান কৰে।

উল্লেখযোগ্য যে, স্বেচ্ছামূলক ৰক্তদানৰ ক্ষেত্ৰত ত্ৰিপুৰাই ভাৰতৰ অন্য ৰাজ্যসমূহৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি আহিছে।

ত্ৰিপুৰাত ৰোগী সকলৰ বাবে প্ৰয়োজন হোৱা ৯৫ শতাংশ তেজ স্বেচ্ছামূলক ৰক্তদান শিৱিৰত দান কৰাৰ ৰক্তৰ পৰা সংগ্ৰহ কৰা হয়।

ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছে প্ৰতিবছৰে ৰক্তদান শিৱিৰ আয়োজন কৰি স্বেচ্ছামূলক ভাৱে ৰক্তদান কৰি আহিছে।

Related News