NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত বন্যহস্তীৰ তাণ্ডৱ ; ১১০০ কিলো ভল্টৰ বিদ্যুতৰ তাঁৰৰ পৰা কথমপি ৰক্ষা পৰিল হাতী

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ January 2, 2022 10:25 am
Elephant rampage.png kaliabor

কলিয়াবৰত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত আছে। যোৱা নিশাও খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি বন্যহস্তীয়ে উপদ্ৰৱ চলাই ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰে।

শনিবাৰে নিশা দহ মান বজাত বৰালী গাঁৱত বন্যহস্তীয়ে উপদ্ৰৱ চলাই গোপাল বৰা, ৰতন মণ্ডল নামৰ ব্যক্তি দুজনৰ ঘৰত বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে বিমল বৰাৰ বাৰীৰ কলগছ ভাঙি বিনষ্ট কৰে।

Also Read: জেকুলিনৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক; দাবী প্ৰতাৰণাৰ গোচৰত অভিযুক্ত সুকেশৰ

বন্যহস্তীৰ সন্ত্ৰাসৰ বাবেই উজাগৰেই গোটেই নিশা পাৰে কৰে গাওঁবাসীয়ে।

আনহাতে, যোৱা নিশা বন্যহস্তীটোৱে কলগছ ভাঙিবলৈ চেষ্টা কৰোঁতে ১১০০ কিলো ভল্টৰ লাইনত পৰে কলগছ।

ইয়াৰ ফলত সৌভাগ্যক্ৰমে অধিক বিপদৰ ৰক্ষা পৰে বন্যহস্তীটো।