NORTHEAST NOW (Assamese)

ওদালগুৰিৰ ডিমাকুছিৰ বাদলাপাৰাত বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা

July 13, 2022 10:26 am · চাজিদ খান, ওদালগুৰি
Updated: July 13, 2022 10:36 am

ওদালগুৰি জিলাৰ ডিমাকুছিৰ জনবসতী অঞ্চলত বিগত কেইটামান বছৰৰ পৰা বন্যহস্তীয়ে সৃষ্টি কৰি আহিছে এক আতংকময় পৰিৱেশৰ। মূলত: খাদ্যৰ সন্ধানত ভাৰত ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্যৰ পৰা নামি আহে এই বনৰীয়া হাতীৰ জাক।

বন্যহস্তীৰ জাকে নিতৌ ডিমাকুছিৰ জনবসতী অঞ্চলত উপদ্ৰৱ চলাই আহিছে। বৰ্তমানলৈ অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে খেতি-বাতিও নষ্ট কৰি আহিছে।

বন্যহস্তীৰ এনে গতানুগতিক তাণ্ডৱৰ মাজতে মঙলবাৰে সন্ধিয়া হাতীৰ আক্ৰমণত নিহত হৈছে এগৰাকী মহিলা। সন্ধিয়া প্ৰায় ৮ বজাত ডিমাকুছি বাদলাপাৰাত বন্যহস্তীয়ে গছকি মাৰি থৈ যায় মহিলা গৰাকীক।

জানিব পৰা মতে মহিলা গৰাকী বাদলাপাৰা ফাৰ্ম লাইনৰ নিবাসী ভাদে ওৰাঙৰ পত্নী।দিনক দিনে বৃদ্ধি হোৱা ডিমাকুছি অঞ্চলত হাতী আৰু মানুহৰ সংঘাতে এটাৰ পিছত এটাকৈ নিৰিহ লোকৰ প্ৰাণ কাঢ়ি নিব ধৰিছে।

যাৰ বাবে উৰে নিশা উজাগৰে কটাব লগা হৈছে ডিমাকুছি অঞ্চলবাসীয়ে। হাতী মানুহৰ সংঘাত নিয়ন্ত্ৰণ কৰাত বন বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈ পৰিছে বুলি ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে।

Related News