NORTHEAST NOW (Assamese)
অসম

শিমলাবাৰীত কাঠৰ দলঙৰ উদ্বোধনত অঞ্চলবাসীৰ সন্তষ্টি প্ৰকাশ

Posted by: ইয়াছিন আলী September 25, 2018 8:01 pm
IMG-20180925-WA0076

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ শিমলাবাৰীত আজি সাংসদ উন্নয়ন পুজিৰে আৱন্টন দিয়া দলঙৰ  উদ্বোধন কৰাত অঞ্চলবাসীয়ে সন্তষ্টি প্ৰকাশ কৰিছে। সাংসদ ছিৰাজ উদ্দিন আজমলে ২০১৮-১৯ বৰ্ষত আৱন্টন দিয়া ১২ লাখ ৫২ হাজাৰ টকাৰে নিৰ্মাণ কৰা কাঠৰ দলংখন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে এআইডিইউএফৰ কেন্দ্ৰীয় কমিটিৰ সদস্য আব্দুল মণ্ডলে।

প্ৰায় ৫০ বছৰ ধৰি বঙাইগাঁও-বৰপেটা সীমাৰ শিমলাবাৰীৰ এই ঠাইত কলগছৰ ভেল আৰু টুলুঙা নাও আদিৰে বৃহত্তৰ অঞ্চলবাসীৰ লগতে ছাত্ৰ ছাত্ৰীয়ে পাৰাপাৰ হৈ আহিছিল।

ঠাইখন বৰপেটা আৰু বঙাইগাঁও সীমাৰ লগতে জনিয়া আৰু উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজত হোৱাৰ বাবে কোনো জনপ্ৰতিনিধি বা প্ৰশাসনে গুৰুত্ব দিয়া নাছিল। সেয়ে নৱজ্যোতি কলেজ, বিবি আঞ্চলিক কলেজ, লাংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰঙাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অশেষ যাতনা ভুগিবলগীয়া হৈছিল। ঠাইখনত কাঠৰ দলং নিৰ্মাণ হৈছে যদিও স্থানীয় ৰাইজে পকী দলং স্থাপনৰ দাবী জনাইছে।

দলংখন উদ্বোধন কৰাৰ পিছত ফকৰ উদ্দিনৰ পৌৰহিত্যত অনুষ্ঠিত সভাত আব্দুল লতিফ মণ্ডলে তেওঁৰ ভাষণত এখন পকী দলং নিৰ্মাণ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিব বুলি মন্তব্য কৰে। সভাত কেইবা শতাধিক লোক উপস্থিত থাকে।