NORTHEAST NOW (Assamese)
অভিমত

গ্ৰন্থমেলাত আধুনিকতা আৰু অন্যান্য

Posted by: পৰিমীতা গগৈ, গুৱাহাটী Updated by: পৰিমীতা গগৈ, গুৱাহাটী January 9, 2023 12:54 pm

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ যৌথ উদ্যোগত ২৯ ডিচেম্বৰ, ২০২২-ত গুৱাহাটী চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আৰম্ভ হোৱা দ্বিতীয় অসম গ্ৰন্থমেলা ৯ জানুৱাৰী, ২০২৩ পৰ্য্যন্ত অব্যাহত থাকিব। ইতিমধ্যে অসমৰ বিভিন্ন জিলাৰ পৰা মানুহ আহি গ্ৰন্থমেলাত ভিৰ কৰিছে যিয়ে লিখকসকলক উছাহ যোগাইছে।

গ্ৰন্থমেলাখনত অসমৰ বাহিৰেও কলকাতা, নতুন দিল্লী আদি ঠাইৰো গ্ৰন্থ প্ৰকাশনৰ ষ্টল/দোকান থকা দেখিবলৈ পোৱা গৈছে। নতুন নতুন লেখক-লেখিকাবোৰেও এইবাৰৰ গ্ৰন্থ মেলাত যথেষ্ট  জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে। প্ৰায় সকলো বয়সৰ লোকেই ভিৰ কৰা বাবে গ্ৰন্থ মেলাৰ বাকৰিত এতিয়া বিৰাজ কৰিছে এক উখল-মাখল পৰিৱেশৰ। মুঠৰ ওপৰত গ্ৰন্থমেলাৰ বাকৰিত সকলো এতিয়া ব্যস্ত নিজৰ প্ৰিয় লিখকৰ গ্ৰন্থ বিচাৰি নাইবা নিজৰ নিজৰ পছন্দৰ কিতাপ বিচাৰি ।

গ্ৰন্থমেলাত দেখিবলৈ পোৱা এনে ভিৰে নিশ্চয়কৈ সমাজলৈ এক শুভবাৰ্তা প্ৰেৰণ কৰে।কিন্তু তাৰ মাজতে অন্য কিছুমান কথাও উল্লেখ কৰাটো প্ৰয়োজনীয় বা উল্লেখ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আজিকালি গ্ৰন্থমেলাত যে অকল গ্ৰন্থপ্ৰেমীয়েহে ভিৰ কৰে তেনে নহয়।গ্ৰন্থপ্ৰেমীসকলৰ বাদেও অন্যান্য মানুহেও আহি গ্ৰন্থমেলাত ভিৰ কৰে, গ্ৰন্থমেলাৰ দৰ্শক হয়। এইচাম লোকে গ্ৰন্থমেলাৰ গ্ৰন্থসমূহক বাদ দি সাংস্কৃতিক অনুষ্ঠান, দোকান-পোহাৰ সকলো ঘূৰি-ফুৰি চায়। গ্ৰন্থমেলাত ফটো উঠি গ্ৰন্থমেলাত তেওঁলোকৰ উপস্থিতিৰ কথা ছচিয়েল মিডিয়াত জাহিৰ কৰে। আৰু এনে এটা শ্ৰেণীৰ মানুহক আকৰ্ষিত কৰিবলৈয়ে হওঁক নাইবা সময়ৰ লগত খোজ মিলাই কিবা এটা নতুনত্ব অনাৰ প্ৰয়াসতেই হওঁক, গুৱাহাটী গ্ৰন্থমেলাৰ মজিয়াত দেখা পোৱা গ’ল এটা চেল্ফি ষ্টেণ্ড। এই চেল্ফি ষ্টেণ্ডটো বহুত কেইখন কিতাপ নষ্ট কৰি তৈয়াৰ কৰা হৈছে।

প্ৰশ্ন হয় যে এখন গ্ৰন্থমেলাত মানুহক আকৰ্ষিত কৰিবলৈ এই চেল্ফি ষ্টেণ্ডডালৰ সঁচাকৈয়ে প্ৰয়োজন আছিল নে? সেই চেল্ফি ষ্টেণ্ডডালৰ অবিহনে গ্ৰন্থমেলাৰ কিবা ক্ষতি হ’লহৈ নেকি? সকলো ক্ষেত্ৰতে আধুনিকতা জাহিৰ কৰিব গৈ এনেদৰে গ্ৰন্থমেলাতে গ্ৰন্থৰ দুৰ্দশা কৰাটো কিমান দূৰ যুক্তিসংগত ? উদ্যোক্তাসকলৰ এই কাণ্ডক গ্ৰন্থপ্ৰেমীসকলে সহজভাৱে ল’ব পৰা নাই । কিয়নো আজিও আমাৰ সমাজত সৰুতেই পিতৃ-মাতৃয়ে শিকোৱা- “সৰস্বতী সৰস্বতী, লোকে বোলে সৰস্বতী আমি বোলো আই, যিখিনি পাহৰো, দিবা সোঁৱৰাই” প্ৰবাদটোক মানি চলা মানুহ আছে। কিতাপ এখন মাটিত পৰিলেই তুলি লৈ সৰস্বতী আইক সেৱা এটা লোৱা মানুহ আছে। তেনেস্থলত আধুনিকতাৰ পাকচক্ৰত পৰি অতবোৰ কিতাপ নষ্ট কৰি চেল্ফি ষ্টেণ্ড বনাৱা ঘটনাটোৱে আজিৰ সমাজত এনে কথাবোৰ কোনোবাখিনিত যেন মূল্যহীন কৰি তুলিছে।

গ্ৰন্থমেলা বুলি ক’লে গ্ৰন্থপ্ৰেমী বা পাঠ্যপ্ৰেমী সকলৰ মনত উৎসাহৰ সৃষ্টি হয় । নতুন কিতাপ কিনি জ্ঞান অৰ্জন কৰাৰ, নতুন কিবা এটা শিকা-বুজাৰ আশাতে তেওঁলোকে গ্ৰন্থমেলালৈ ঢাপলি মেলে। কিন্তু সেই পাঠ্যপ্ৰেমী মানুহে যদি গ্ৰন্থমেলাত গৈ পুথিৰ অসন্মান হোৱা দেখে তেন্তে তেওঁলোকে মনত যথেষ্ট আঘাত পায়। কিতাপৰ স্পৰ্শ ভালপোৱা লোকসকলৰ চকুৰ সমুখতে কিতাপৰ হত্যা হোৱাটো একেবাৰে গ্ৰহণযোগ্য নহয়।

ইয়াৰ উপৰিও গ্ৰন্থমেলাত দেখা পোৱা আন এক গুৰুত্বপূৰ্ণ কথাৰ উল্লেখ কৰিব বিচাৰিছো।গুৱাহাটীৰ মাজমজিয়াত অনুষ্ঠিত হোৱা ইমান ডাঙৰ গ্ৰন্থমেলাখনত হাজাৰ হাজাৰ মানুহৰ আগমন ঘটিছে, কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে তাত এটা ভাল শৌচালয়ৰ সুবিধা নাই। যাৰ ফলত গ্ৰন্থপ্ৰেমীসকল বিশেষকৈ মহিলাসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।

আকৌ গ্ৰন্থমেলাত ব্যৱসায়িক দোকানবোৰৰ বয়-বস্তুৰ দামবোৰ বাহিৰা দোকানবোৰৰ তুলনাত যথেষ্ট বেছি। পৰিচয় পত্ৰ দেখুৱালে শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া প্ৰৱেশ এটা ভাল পদক্ষেপ, কিন্তু গ্ৰন্থমেলাত সেই কথা ক’তো উল্লেখ কৰা মোৰ দৃষ্টিগোচৰ নহ’ল। প্ৰত্যেকখন গ্ৰন্থমেলা বা গ্ৰন্থৰ দোকানত কিতাপ কিনিলে ১০ শতাংশ ৰেহাই দিয়া হয়, কিন্তু অসম গ্ৰন্থ মেলাত বহু কেইখন দোকানে ৰেহাই দিয়া দেখা পোৱা নাই বা দিলেও বহু ক্ষেত্ৰত ক্ৰেতাই নুসুধিলে ৰেহাই দিয়া নাই (মই নিজেই ইয়াৰ ভুক্তভোগী)। গতিকে এই সকলোবোৰ কথাৰ ক্ষেত্ৰত উদ্যোক্তাসকলে মনোযোগ দি এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিলে অনাগত সময়ত অসম গ্ৰন্থমেলালৈ আৰু অধিক লোকৰ সমাগম ঘটিব বুলি আশা কৰিব পাৰি।