NORTHEAST NOW (Assamese)
Popular Stories

এমাহত ১০০০টা কণী খালে এজন যুৱকে! ইয়াৰ পাছত কি হ’ল?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 20, 2025 11:05 am

কণী প্ৰটিনৰ অন্যতম উত্তম উৎস। যিয়ে পেশী গঠন, কোষ মেৰামতি আৰু উন্নত স্বাস্থ্যত সহায় কৰে। কিন্তু, প্ৰচুৰ পৰিমাণে কণী খোৱাটোৱে শৰীৰত ষ্টেৰইডৰ দৰে প্ৰভাৱ পেলাব পাৰেনে?

মাত্ৰ এমাহত ১০০০টা কণী খোৱা জাপানৰ টকিঅ’ৰ এজন লোকে কয় যে প্ৰচুৰ পৰিমাণে কণী খোৱাটো শৰীৰৰ বাবে উপকাৰী।

জোচেফ এভাৰেট নামৰ লোকজনে ফিটনেছ ৰুটিন মানি চলিছিল। শৰীৰৰ পৰীক্ষাৰ বাবে দিনটোত ৩০টা কণী খাবলৈ আৰম্ভ কৰিলে। তেওঁৰ খাদ্যত অমলেট, কণীৰ স্মুদি, আনকি ভাতৰ সৈতে কেঁচা কণীও খাইছিল।

ইয়াৰ শৰীৰত কি প্ৰভাৱ পৰিছে চাবলৈ তেওঁ কণী খাই ডায়েট আৰম্ভ কৰিলে। এই সময়ছোৱাত তেওঁ স্কুৱেট, ডেডলিফ্ট, বেঞ্চ প্ৰেছ আৰু অন্যান্য লিফ্ট কৰে। ফলত মাত্ৰ এমাহৰ ভিতৰতে এভাৰেটে ৬ কেজি পেশী বৃদ্ধি কৰিলে আৰু তেনেকৈয়ে তেওঁৰ ভাৰোত্তোলন ক্ষমতা ২০ কিলোগ্ৰাম বৃদ্ধি কৰিলে। কলেষ্টেৰল থকাৰ পাছতো তেওঁৰ তেজৰ পৰীক্ষাৰ অভাৱনীয় ফলাফল আহিল। যদিও তেওঁৰ বেয়া কলেষ্টেৰলৰ মাত্ৰা বিশেষ পৰিৱৰ্তন নহ’ল, তথাপিও তেওঁৰ ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পালে, যাৰ ফলত তেওঁৰ তেজৰ পৰা ক্ষতিকাৰক চৰ্বি আঁতৰোৱাত সহায় কৰিলে। আনকি তেওঁৰ শৰীৰত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰাও কমিছে।

কেইবাদিনো কেঁচা কণী খোৱাৰ পাছত এভাৰেটৰ পাচনতন্ত্ৰৰ সমস্যা হৈছিল যদিও পিছত তেওঁ গম পালে যে কেঁচা কণীৰ কুহুমত থকা ট্ৰিপচিন ইনহিবিটাৰটোৱেই পাচনতন্ত্ৰৰ সমস্যাৰ কাৰণ। সিজোৱা কণী খোৱাৰ পাছত বদহজম নোহোৱা হৈ যায়।

তেওঁ কয় যে তেওঁৰ ডাঙৰ ভুলটো হ’ল একে সময়তে দুটা কথা সলনি কৰা। দিনটোত ৭-৮টা কণী খোৱা ব্যক্তিয়ে তেওঁলোকৰ শৰীৰত যথেষ্ট প্ৰভাৱ পেলায়।

গতিকে, কণী সঁচাকৈয়ে ষ্টেৰইডৰ দৰে নেকি? শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে? যদিও এইটো এতিয়াও বিতৰ্কৰ বিষয়। এভাৰেট নিজেই সম্পূৰ্ণ নিশ্চিত নহয় যদিও ভৱিষ্যতে এই পৰীক্ষাটো পুনৰ কৰাৰ সম্ভাৱনা আছে।