NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী মহানগৰীত এগৰাকী যুৱতীৰ আত্মহত্যা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা May 5, 2020 7:49 pm
suicide-2347543_1280-e1586154547410-696x392

তৃতীয় পৰ্যায়ৰ ল’কডাউনত মহানগৰীত সংঘটিত হৈছে এক অঘটন ৷

ল’কডাউনৰ বাবে মানসিক হতাশাগ্ৰস্ততাত ভুগি গুৱাহাটী মহানগৰীৰত এগৰাকী যুৱতীয়ে আত্মহত্যা কৰিছে।

ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত জোনাকী নগৰত৷

সোমবাৰে নিশা যুৱতী গৰাকীয়ে খিৰিকীৰ গ্ৰীলত চিপ লৈ আত্মহত্যা কৰে।  পুৱা পৰিয়ালৰ লোকে চিপ লৈ থকা অৱস্থাত যুৱতী গৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে নুনমাটি থানাথ খবৰ দিয়ে।

উল্লেখ্য যে, নুনমাটী জোনাকী নগৰৰ এগৰাকী যুৱতীৰ ছমাহ পূৰ্বে নলবাৰী জিলাৰ মুকালমুৱাৰ এজন যুৱকৰ সৈতে বিবাহৰ সম্পন্ন হোৱাৰ কথা আছিল।

ইতিমধ্যে দুয়োটা পৰিয়ালৰ সিদ্ধান্ত মৰ্মে অহা ৮ মে’ শুকুৰবাৰে বিয়াৰ দিন বাৰ ঠিক কৰা হৈছিল যদিও ক’ৰ’নাৰ প্ৰতিৰোধৰ বাবে দেশজুৰি বলবৎ হৈ থকা ল’কডাউনৰ বাবে দুয়ো পৰিয়ালে সিদ্ধান্ত কৰি বিবাহৰ দিন পিছুৱাই দিয়ে।

ইয়াতে যুৱতীগৰাকীয়ে মানসিক ভাৱে ভাগি পৰি এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰা বুলি সন্দেহ কৰা হৈছে।

ঘটনাস্থলীত নুনমাটি আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH প্ৰেৰণ কৰিছে৷