NORTHEAST NOW (Assamese)

Road accident: বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন

July 17, 2022 6:38 pm · কাজি জেইদুল ইছলাম, বিশ্বনাথ
লাহৰিজানৰ পথ দুৰ্ঘটনাৰ দৃশ্য. ইনছেটত নিহত নাজিৰ আলি। ফটো: নৰ্থইষ্ট নাও।

youth died on the spot in a road accident বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ লাহৰিজানত সংঘটিত হৈছে এক ভয়াবহ পথ দুৰ্ঘটনা। লাহৰিজানৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন মিনি ট্ৰাক আৰু এখন মটৰচাইকেলৰ মাজত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

মটৰচাইকেলখন ট্ৰাকখনত প্ৰচণ্ড জোৰেৰে খুন্দা লাগি কিছুদুৰলৈ মটৰ চাইকেলখন চুচৰি যায় আৰু দুটুকুৰা হৈ পৰে। লগে লগে জুই লাগে মটৰ চাইকেলখনত।  ফলত জীৱন্তে অগ্নিদগ্ধ হৈ থিতাতে নিহত হয় মটৰ চাইকেল আৰোহী গৰাকী।

ৰাষ্ট্ৰীয় ঘাইপথত এইদৰে দাও দাওকৈ জ্বলি উঠে মটৰ চাইকেল আৰোহী জনৰ শৰীৰ।স্থানীয় ৰাইজে পানী ঢালি এই জুই নুমুৱায়। মটৰ চাইকেল আৰোহী গৰাকী বিশ্বনাথ চাৰিআলিৰ নাজিৰ আলি বুলি চিনাক্ত কৰা হৈছে।

ইপিনে, দুৰ্ঘটনা সংঘটিত কৰিয়ে দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে মিনি ট্ৰাকৰ চালক। দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বাৰ হ’ল AS01-LC-2986। জিনজিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। 

Related News