NORTHEAST NOW (Assamese)

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণত ত্ৰিপুৰাৰ যুৱকৰ মৃত্যু

January 29, 2020 6:04 pm · এন ই নাও নিউজ
Updated: January 29, 2020 6:07 pm
মনিৰ হুছেইন

ত্ৰিপুৰাৰ মনিৰ হুছেইন নামৰ এগৰাকী ২৩ বছৰীয়া যুৱকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

মনিৰ হুছেইনে মালেছিয়াৰ এখন ৰেষ্টুৰেণ্টত কাম কৰিছিল আৰু মালেছিয়াতে তেওঁ ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল।

মনিৰৰ বৰদেউতাকে বুধবাৰে ৰাতিপুৱা তেওঁলোকে মালেছিয়াৰ পৰা এটা ফোন কলৰ যোগেৰে মনিৰৰ মৃত্যুৰ বাতৰি লাভ কৰে বুলি জানিবলৈ দিয়ে।

মঙলবাৰে নিশা মালেছিয়াৰ এখন চিকিৎসালয়ত মনিৰৰ মৃত্যু হয়।

মনিৰৰ পৰিয়াল ত্ৰিপুৰাৰ বিশালগড় মহকুমাৰ অন্তৰ্গত পুৰাথল ৰাজনগৰ পঞ্চায়তত বাস কৰিছিল। ২০১৬ চনত বিবাহপাশত আবদ্ধ হোৱা মনিৰ ত্ৰিপুৰাৰ পৰা ২০১৮ চনত মালেছিয়ালৈ কামৰ বাবে গৈছিল।

মালেছিয়াত এখন ৰেষ্টুৰেণ্টত কাম কৰা মনিৰে মৃত্যুৰ সময়ত তিনিজন ভায়েক আৰু এজনী ভনীয়েকক এৰি থৈ যায়।

মনিৰৰ মৃত্যুৰ বাতৰি লাভ কৰি পৰিয়ালৰ লোকসকল শোকবিহ্বল হৈ পৰে আৰু চৰকাৰক মনিৰৰ মৃত্যুদেহটো মালেছিয়াৰ পৰা ভাৰতলৈ অনাত সহায় কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, চীনত বৰ্তমান সময়ত ক’ৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিছে। এইপৰ্যন্ত প্ৰায় শতাধিক লোক চীনত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু বৰণ কৰিছে।

Related News