NORTHEAST NOW (Assamese)

ৰোগাক্ৰান্ত যুৱকৰ কৰুণ গাথা; বৃক্ক বিকল হৈ শয্যাগত যুৱকজনক লাগে আপোনাৰ সহায়

November 1, 2021 9:14 am · দীপক কুমাৰ পাঠক, তামুলপুৰ
ফটো: নৰ্থইষ্ট নাও।

এগৰাকী চৌব্বিশ বছৰীয়া যুৱকে যুঁজিছে মৃত্যুৰ স’তে। আপোনাৰ অকণমান সহায় পালে আৰোগ্য হব পাৰে যুৱকজন।

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ফহুৰাবাৰী গাঁওৰ বিলপাৰ চুপাৰ চৰেন ৰাভা আৰু ফলেনা ৰাভাৰ চৌব্বিশ বছৰীয়া পুত্ৰ  ৰঞ্জিত ৰাভা বিগত পাঁচ মাহ ধৰি ভুগি আছে বৃক্ক আৰু হাওঁফাওঁৰ ৰোগত। চকুৰেও নেদেখা হৈ আহিছে যুৱকজনে।

দিন হাজিৰা কৰা দৰিদ্ৰ পিতৃ মাতৃয়ে ঘৰৰ মাটি সম্পত্তি বিক্ৰী কৰি গুৱাহাটী চিকিৎস মহাবিদ্যালয় হাস্পাতাল আৰু জিএনআৰচি চিকিৎসা কৰিও যুৱকজনক সুস্থ কৰিব পৰা নাই।

কেইবাবাৰো বৃক্কৰ ডাইলাইছিছ কৰাও হৈছে। তথাপিও সুস্থ হোৱা নাই যুৱকজন। বিছনাখনেই এতিয়া সংগী ৰঞ্জিত ৰাভা নামৰ যুৱক যুৱকজনৰ।

পিতৃ মাতৃ আৰু আত্মীয় স্বজনে অসমৰ মুখ্যমন্ত্ৰী আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োৰ লগতে অসমৰ হৃদয়বান ৰাইজক যুৱকজনক আৰ্থিকভাৱে  সহায়  কৰি সুস্থ কৰি তুলিবলৈ কাতৰ অনুৰোধ জনাইছে।

কোনো সদাশয় ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে মোবাইল নম্বৰ 8876384972 ত যোগাযোগ কৰিবলৈ নাইবা ভাৰতীয় ষ্টেট বেংকৰ 38860789491 IFSC code- SBIN 0014255  নম্বৰত আৰ্থিক সাহায্য দিয়াৰ বাবে অনুৰোধ জনাইছে। 

Related News