NORTHEAST NOW (Assamese)
অসম

আলফাত যোগদান ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ; স্বীকাৰোক্তিৰ ভিডিঅ’ই তুলিছে ছ’চিয়েল মিডিয়াত আলোড়ন

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক October 24, 2018 12:58 pm
Pankaj_Lurin_Samujjal

গোলাঘাট জিলাৰ দেৰগাৱঁৰ এজন তৰুণ যুৱকে আলফা (স্বাঃ)ত যোগদান কৰাক লৈ শেহতীয়াকৈ সমগ্ৰ অসম জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। বিশেষকৈ আলফা (স্বাঃ)ত যোগদান কৰাৰ পিছত আলফা (স্বাঃ)ৰ শিবিৰৰ পৰা প্ৰেৰণ কৰা যুৱকজনৰ স্বীকাৰোক্তি সম্বলিত এটা ভিডিঅ’ই ছ’চিয়েল মিডিয়াত এক প্ৰকাৰৰ তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে।

ভিডিঅ’টোত যুৱকজনে স্বীকাৰোক্তি দিয়া মতে তেওঁৰ নাম পংকজ প্ৰতীম দত্ত। ঘৰ গোলাঘাট জিলাৰ দেৰগাৱঁত। আলফা (স্বাঃ)ত যোগদান কৰাৰ আগলৈকে তেওঁ দেৰগাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ উপ সভাপতিৰ পদত আছিল। ভিডিঅ’টোত তেওঁ কয় যে তেওঁ নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে স্বাধীন অসমৰ বাবে ওলাই আহিছে। নজনোৱাকৈ অহা বাবে আছুৰ ওচৰ ক্ষমা প্ৰাৰ্থী বুলিও কয়।

Ulfa_Pankaj
আলফাৰ শিবিৰত পংকজ কুমাৰ দত্ত।

যুৱকজনে আন কিছুমান চাঞ্চল্যকৰ স্বীকাৰোক্তি দিছে। ভিডিঅ’টোৰ যোগে তেওঁ কয়, “অসমৰ নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে মই বিশ্বাস কৰো, অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে সাৰ্বভৌম স্বাধীন অসমৰ বিকল্প নাই।” তেওঁ প্ৰতিটো কথাৰ বাবে অসমে কেন্দ্ৰীয় চৰাকৰৰ ওচৰত আঁঠু কাঢ়ি থাকিব লগীয়া হয় বুলি আক্ষেপ কৰে। প্ৰতিটো সমস্যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ভিক্ষা খুজিব লাগে বুলিও কয়।

আনহাতে তেওঁ আত্মবিশ্বাসেৰে কয়, “আলফাক এমুঠিমান বুলি তাচ্ছিল্য কৰাসকলক মই কওঁ, এমুঠি মানৰ আত্ম বলিদানৰ কাৰণে আপোনালোকে অসমত অসমীয়া বুলি বুকু ফিন্দাই ঘূৰি ফুৰিব পাৰিছে।”

উল্লেখযোগ্য যে দেৰগাঁৱৰ ৯ নং ৱাৰ্ডৰ বাসিন্দা তৰুণ চন্দ্ৰ দত্তৰ পুতেক পংকজ যোৱা ৫ ছেপ্টেম্বৰপ পৰাই সন্ধানহীন হৈ আছে। ৫ তাৰিখে তেওঁ গুৱাহাটিলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই আহিছিল।

পংকজৰ ভিডিঅ’টো টাইমলাইনত দিয়া Mayuri Ling Mayuri নামৰ একাউণ্টটোত পোৱা আলফাৰ পতাকা।

কেইবা দিনো যোগাযোগ বিহীন হৈ থকাৰ পিছত পংকজৰ ঘৰৰ পৰা বাতৰি কাকত আৰু ছ’চিয়েল মিডিয়া যোগেও পৰিয়ালৰ লোকে সন্ধানহীন হৈ আছে বুলি জানিব দিছিল আৰু লগতে সন্ধান পালে খবৰ দিবলৈ আহ্বান জনাইছিল।

আনহাতে ফেইচবুকৰ যিটো একাউণ্টৰ টাইমলাইনত পংকজৰ স্বীকাৰোক্তিৰ ভিডিঅ’টো প্ৰকাশ হৈছে, সেই একাউণ্টটোও সন্দেহজনক। এই একাউণ্টটোত আলফাৰ সমৰ্থনত আৰু আলফা সম্পৰ্কীয় ছবি, কথা আদি যথেষ্ট পৰিমাণে শ্বেয়াৰ কৰা দেখা গৈছে। লগতে অসমীয়া জাতিৰ আৱেগজড়িত কথাও অনেক পৰিমাণে দেখা যায়। তাৰোপৰি  পংকজৰ সমৰ্থনত ভিডিঅ’টোৰ তলত অসংখ্য বক্তব্য দেখা গৈছে।

“আলফা নাথাকিলে কোনো অসমীয়াই মূৰ তুলি কথা ক’ব নোৱাৰিব, বঙালে থালামুৰী দিব, আৰু যি বোৰে আলফা সমৰ্থন নকৰে সিহঁতৰ মানে বঙালৰ থালা মুৰী খাব মন।” –এয়া একাউণ্টটোৰ টাইমলাইনত পোৱা এটা বক্তব্যৰ পোনপটীয়া উদ্ধৃতি।

এইবোৰ ভাবিবলৈ দিয়ে যে অসমৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি আৰু অসমীয়া জাতিৰ সংকট সদৃশ পৰিৱেশে নতুন প্ৰজন্মক সশস্ত্ৰ বিপ্লৱৰ প্ৰতি অধিক আকৰ্ষিত কৰিছে নেকি? এই প্ৰশ্নৰ উদ্ৰেক হৈছে এইবাবেই যে অসমত শেহতীয়াভাৱে অসমীয়াই সন্মুখীন হোৱা পৰিস্থিতিগত ক্ষোভৰ প্ৰতিধ্বনি শুনা গ’ল পংকজৰ বক্তব্যতো।

আনহাতে কেইদিন মান পূৰ্বে আন কেইবাজনো যুৱকে আলফা (স্বাঃ)ত যোগদান কৰাৰ খবৰ ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে। আলফা (স্বাঃ)ই নিজৰ শক্তি বঢ়াবলৈ হিন্দু বাংলাদেশীৰ ইচ্ছ্যুটোৰ পৃষ্ঠভূমিত প্ৰৱলতৰ ৰূপ লোৱা জাতীয়তাবাদী মনোভাবৰ সুযোগ ল’ব পাৰে।

আলফাত যোগাদান কৰা বুলি স্বীকাৰোক্তি দিয়া পংকজৰ ভিডিঅ’টোৰ লিংক।