NORTHEAST NOW (Assamese)

পুখুৰীত পৰি সলিল সমাধি যুৱ শিক্ষকৰ; টীয়কত শোকৰ ছাঁ

June 25, 2021 7:01 am · নিৰ্মলেন্দু পাঠক
মানস প্ৰতীম বৰা। ফাইল ফটো।

ব্যৱসায়ী মুনাফা লাভৰ স্বাৰ্থত গুৰু গোহাঁই নামানি একাংশ মাটিৰ ব্যৱসায়ীয়ে পথাৰৰ মাজত খন্দা পুখুৰীত পৰি টীয়কত কৰুণ মৃত্যুক সাৱটিলে ২৬ বছৰীয়া এজন যুৱ শিক্ষকে।

জানিব পৰা মতে, টীয়ক গুৱালগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ বৰাৰ জেষ্ঠ পুত্ৰ মানস প্ৰতিম বৰাই বৃহস্পতিবাৰে বিয়লি ঘৰৰ পাছফালৰ পথাৰত হাঁহ খেদিবলৈ গৈ উন্মুক্ত পুখুৰীত পৰি যায়।

স্থানীয় কোনো ব্যক্তিয়ে এই ঘটনা প্ৰত্যক্ষ কৰি বাঢ়নী পানীৰ পৰা কোনোমতে  মানসক উদ্ধাৰ কৰি ততাতৈয়াকৈ টীয়ক এফ আৰ ইউলৈ লৈ আহে যদিও চিকিৎসকে পিচত মৃত ঘোষণা কৰে।

উল্লেখযোগ্য যে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক ৰূপে যোৱা ৫ ফেব্ৰুৱাৰীত নিযুক্তি লাভ কৰিছিল মেধা সম্পন্ন যুৱ শিক্ষক জনে।

যুৱ শিক্ষকজনৰ আকস্মিক বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে l

Related News