NORTHEAST NOW (Assamese)
অসম

ডিমা হাচাওৰ উমৰাঙচুত এজন যুৱকক নিৰ্মমভাৱে প্ৰহাৰ অচিনাক্ত দুৰ্বৃত্তৰ; আৰক্ষীৰ ভূমিকাক ধিক্কাৰ স্থানীয় ৰাইজৰ

Posted by: পংকজ কুমাৰ দেব September 20, 2018 4:20 pm
IMG-20180919-WA0038

ডিমা হাচাও জিলাৰ উমৰাঙচুত যোৱা ১৬ ছেপ্তেম্বৰ অৰ্থ্যাৎ বিশ্বকৰ্মা পূজাৰ আগদিনা ৰাজীৱ দাস নামৰ এজন যুৱকক কোনো অচিনাক্ত দুৰ্বিত্তৰ দলে অপহৰণ কৰি নি অমানৱীয় ভাৱে শাৰিৰীক অত্যাচাৰ চলাই ১৮ ছেপ্তেম্বৰত অচেতন অৱস্থাত চহৰৰ ওচৰত পেলাই থৈ যোৱা কাৰ্যত এতিয়া সমগ্ৰ চহৰখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই ঘটনা সংঘটিত হোৱাৰ পাছত সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হয় যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া অঞ্চলবাসীৰ মাজত ক্ষোভৰ উদগীৰণ হোৱা দেখিবলৈ পোৱা গৈছে।

আৰক্ষীৰ নিৰ্লিপ্ততাৰ বিৰুদ্ধে সাধাৰণ ৰাইজ অতিষ্ঠ হৈ বুধবাৰে ঘটনাৰ উচিত তদন্তৰ দাবীত উমৰাঙচুত বিভিন্ন দল-সংগঠনে এক প্ৰতিবাদী সমদল উলিয়াই। প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীয়ে উমৰাঙচু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক সাক্ষাত্ কৰি জিলা উপায়ুক্তৰ উদ্দেশ্যে এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

উল্লেখ্য যে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা ৰাজীৱ দাস নামৰ যুৱক জনক যোৱা দেওবাৰে দুই তিনি জন অচিনাক্ত যুৱকে মাতি লৈ যায়। আৰু ইয়াৰ পাছৰ পৰা সন্ধানহীন হৈ আছিল ৰাজীৱ।

IMG-20180919-WA0040

লক্ষ্যণীয়ভাৱে যোৱা মঙলবাৰে উমৰাঙচু চহৰৰ ওচৰত সংকটজনক অৱস্থাত ৰাজীৱক উদ্ধাৰ কৰা হয়। যুৱকজনৰ শৰীৰত আঘাতৰ চিন স্পষ্ট আছিল। দুৰ্বিত্তৰ দলে ৰাজীৱক অমানৱীয় ভাৱে প্ৰহাৰ কৰাৰ লগতে শৰীৰৰ বিভিন্ন অংশত চোকা অস্ত্ৰৰে আঘাতো কৰে। ইয়াৰ উপৰি ইলেক্ট্ৰিক চকো দিয়া হয়।

যুৱকজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি উমৰাঙচুত প্ৰাথমিক চিকিৎসা সম্পন্ন কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী দিচপুৰ পলিক্লিনিকত ভৰ্তী কৰোৱা হয়।

উল্লেখনীয় যে মেঘালয় সীমান্তৱৰ্তী উমৰাঙচু অঞ্চলত দিনে দিনে সমাজবিৰোধী কাৰ্যকলাপ তথা অপৰাধ জনিত ঘটনা অভাৱনীয় হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কিন্তু ইয়াৰ পাছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া সাধাৰণ ৰাইজ ক্ষুব্ধ হৈ পৰিছে।