NORTHEAST NOW (Assamese)
Popular Stories

আধাৰ কাৰ্ডেৰে পান কাৰ্ডৰ সংযোগৰ দিন বৃদ্ধি কৰিলে কেন্দ্ৰই : কেতিয়ালৈ কৰিব পাৰিব সংযোগ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 1, 2021 12:53 pm
Aadhaar-PAN-750x375

আধাৰ কাৰ্ডেৰে পান কাৰ্ড সংযোগ কৰাৰ অন্তিম দিন পুনৰ বৃদ্ধি কৰিছে কেন্দ্ৰ চৰকাৰে।

উল্লেখ্যে যে ইয়াৰ পূৰ্বে আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডৰ সংযোগ কৰাৰ অন্তিম দিন আছিল ৩১ মাৰ্চ ২০২১।

বুধবাৰে কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি অহা ৩০ জুনলৈ বৃদ্ধি কৰা হৈছে আধাৰ কাৰ্ডেৰে পান কাৰ্ড সংযোগ কৰাৰ দিন।

অহা ৩০ জুনৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড সংযোগ নকৰা লোকসকলে বিত্তী বিল, ২০২১ৰ অনুসৰি ১০০০ টকাৰ জৰিমনা ভৰিব লাগিব।

উল্লেখ্য যে বিগত বৰ্ষৰ আগষ্টলৈকে সমগ্ৰ দেশত ৩২.৭১ কোটি লোকে আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডৰ সংযোগ কৰিছিল।

শেহতীয়া তথ্য অনুসৰি যোৱা ২৯ জুন ২০২১ লৈকে ৫০.৯৫ কোটি লোকে আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডৰ সংযোগ স্থাপন কৰিছে।