NORTHEAST NOW (Assamese)
অসম

আক্ৰাছুৰ অসম বন্ধলৈ লখিমপুৰৰ ৰাইজৰ মধ্যমীয়া সঁহাৰি

Posted by: ফাৰহানা আহমেদ August 29, 2018 4:45 pm
u-3-570x320

সদৌ অসম কোচ ৰাজবংশী সন্থা অৰ্থাৎ আক্ৰাছুৱে আহ্বান জনোৱা ৩৬ ঘণ্টীয়া অসম বন্ধৰ প্ৰথম দিনটোত লখিমপুৰত মিশ্ৰিত সঁহাৰি দেখা গৈছে।

পৃথক কমতাপুৰ ৰাজ্য কোঁচ ৰাজবংশী সম্প্ৰদায়ক অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত আক্ৰাছুৱে অসম বন্ধৰ আহ্বান দিছে।

বন্ধই লখিমপুৰত সম্পূৰ্ণ সঁহাৰি লাভ কৰাত ব্যৰ্থ হৈছে আৰু বন্ধৰ সময়চোৱাত ব্যক্তিগত যান-বাহনসমূহ লখমপুৰৰ বাট-পথত স্বাভাৱিকভাৱে চলাচল কৰি আছিল।

অৱশ্যে ৰাজহুৱা পৰিবহণ ব্যৱস্থাক বন্ধই প্ৰভৱিত কৰাটো লক্ষ্য কৰা গৈছিল। যদিও জিলাখনৰ বিদ্যালয়, মহাবিদ্যালয়সমূহ খোলা আছিল, তথাপি ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা আছিল।

বন্ধৰ সময়চোৱাত উত্তৰ লখিমপুৰ জিলা সদৰত সকলো চৰকাৰী কাৰ্যালয়, ন্যায়ালয় আৰু আন আন কাৰ্যালয়সমূহ খোলা আছিল। কিন্তু বন্ধৰ সময়চোৱাত জিলাখনৰ ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান, পোহাৰ আদি বন্ধ আছিল।  বন্ধৰ সময়চোৱাত বেংক আৰু আন আন বিত্তীয় প্ৰতিষ্ঠানসমূহ বন্ধ আছিল।