NORTHEAST NOW (Assamese)
Popular Stories

বলিউদৰ পাৰ্ফেক্টচনিষ্ট আমিৰ খানক লৈ কিয় হতাশ পত্নী কিৰণ ৰাও?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 15, 2020 11:49 am
82e204a7b51c185184aaed411a7b5b99

বলিউদৰ মিষ্টাৰ পাৰ্ফেক্টচনিষ্ট আমিৰ খানে নিজৰ বাৰ্থ দে’ দিনা তেওঁৰ বিষয়ে অনুৰাগীয়ে নজনা বহু কথা প্ৰকাশ কৰিছে।

আমিৰে প্ৰকাশ কৰিছে নিজৰ জীৱনৰ ব্যক্তিগত কিছুমান অতি আকৰ্ষণীয় কথা।

পেচাগত ভাৱে আমিৰ খানক বলিউদত মিষ্টাৰ পাৰ্ফেক্টচনিষ্ট বুলি অভিহিত কৰা হয়।

কিন্তু এটা সাক্ষাৎকাৰত আমিৰ খানে নিজৰ ব্যক্তিগত জীৱনত অতিশয় বিশৃংখল বুলিহে ব্যক্ত কৰিছে। ব্যক্তিগত জীৱনত তেওঁ অতি দায়িত্বহীন যাৰ ফলত তেওঁৰ পত্নী কীৰণ ৰাও তেওঁক লৈ প্ৰায়ে অসন্তুষ্ট হৈ উঠে।

পেচাগত জীৱনত অতি শৃংখল আমিৰ খান ব্যক্তিগত জীৱনত অতিশয় অশৃংখল হোৱাৰ বাবে পত্নী কীৰণ ৰাৱে অশান্তিত ভুগে বুলিও তেওঁ স্বীকাৰ কৰিছে। তেওঁ কয় যে মাজে মাজে তাই হতাশো হৈ পৰে।

আমিৰে আৰু কয় যে তেওঁৰ এই সত্য পৰিয়ালে স্বীকাৰ কৰি লোৱাৰ বাবে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা নাই।

প্ৰতিখন ছবিতে আমিৰ খানক ব্যতিক্ৰমী ৰূপত নিজকে উপস্থাপন কৰা দেখা যায়। এই ক্ষেত্ৰত পত্নী কীৰণ ৰাৱৰ অৱদানৰ কথা স্বীকাৰ কৰি তেওঁ কয় যে ‘প্ৰতিখন ছবিৰ বাবে মোক কেনেকৈ প্ৰস্তুত কৰি তুলিব লাগে কীৰণে সেই কথা অতি ভালকৈ জানে আৰু বুজি পায়।’

উল্লেখ্য কালি বলিউদৰ জনপ্ৰিয় অভিনেতা গৰাকীৰ জন্মদিন আছিল।

বৰ্তমান আমিৰে লালা সিং চাধা নামৰ ছবিখনৰ শ্বুটিঙত ব্যস্ত আছে। এই ছবিখনত কৰীণা কাপুৰ খানেও অভিনয় কৰিছে।