NORTHEAST NOW (Assamese)
Popular Stories

ডাঙৰ ঘোষণা : দোকানলৈ যোৱাৰ বিপৰীতে ঘৰৰ পদূলিতে লাভ কৰিব ৰেচন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 21, 2020 2:35 pm
arvind_kejriwal

দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি দিল্লীবাসীৰ বাবে এটা ডাঙৰ ঘোষণা কৰিছে। কেজৰিৱালৰ কেবিনেটে আজি ‍‘মুখ্য মন্ত্ৰী ঘৰ ঘৰ ৰেচন আঁচনি’ আৰম্ভ কৰাৰ সিদ্ধান্ত লয়।

কেবিনেট বৈঠকৰ অন্তত কেজৰিৱালে কয় যে আজি আমাৰ কেবিনেটে ঘৰৰ পদূলিয়ে পদূলিয়ে ৰেচন প্ৰদান কৰাৰ আঁচনিত মঞ্জুৰি প্ৰদান কৰে।

উল্লেখ্য যে এই আঁচনিৰ নাম ‍‘মুখ্য মন্ত্ৰী ঘৰ-ঘৰ ৰেচন আঁচনি’। এতিয়াৰে পৰা আৰু দিল্লীবাসীয়ে ৰেচনৰ দোকানলৈ যাব নালাগে।

এই সন্দৰ্ভত কেজৰিৱালে কয় যে যোৱা ৫ বছৰত আমি ৰেচন ব্যৱস্থাত বহুত উন্নতিসাধন কৰিছো। আজি আমাৰ কেবিনেটে যি সিদ্ধান্ত লৈছো সেইটো ক্ৰান্তিকাৰী সিদ্ধান্তৰ কম নহয়।

ইয়াৰ উপৰি কেজৰিৱালে কয় যে যিদিনাখন দিল্লীত ৰেচন হোম ডেলিভাৰি হ’ব সেই দিনটোৰ পৰাই কেন্দ্ৰৰ ‍‘এক দেশ এক ৰেচন কাৰ্ড’ আঁচনি শুভাৰম্ভ কৰা হ’ব।

ইফালে আম আদমি পাৰ্টি নেতৃত্বাধীন চৰকাৰৰ এই সিদ্ধান্তক দিল্লীবাসীয়ে আদৰণি জনোৱাৰ বিপৰীতে বিৰোধীয়ে এই আঁচনি ৰূপায়ণত দিল্লী চৰকাৰ ব্যৰ্থ হ’ব বুলি মন্তব্য কৰিছে।