তিনিদিনীয়া কাৰ্য্যসূচীৰে অসমলৈ আহিব আপৰ নেত্ৰী আতিশী

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অসমলৈ আহিব আম আদমী পাৰ্টিৰ কেন্দ্ৰীয় নেত্ৰী তথা দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশী।
ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী ক্ৰমে মনোজ ধানোৱাৰ আৰু ঋষিৰাজ কৌণ্ডিন্যৰ হকে নিৰ্বাচনী সভা তথা ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব দলৰ ৰাষ্ট্ৰীয় নেত্ৰী গৰাকীয়ে ।
এই উপলক্ষে অহা ৮ এপ্ৰিলৰ পুৱা ৯-১৫ বজাত ডিব্ৰুগড়ত উপস্থিত হ’ ব। সিদিনাই দুলীয়াজানত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ প্ৰচাৰৰ বাবে এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। বিয়লি ৪ বজাত ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ সৈতে বিশেষ মত বিনিময় অনুষ্ঠানত মিলিত হ’ব।
দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি তিনিচুকীয়াত পুৱা ৮-৩০ বজাৰ পৰা ১০-৩০ বজাৰ ভিতৰত নিৰ্বাচিত দুটামান সংবাদ প্ৰতিষ্ঠানক সাক্ষাৎকাৰ প্ৰদান কৰিব। দুপৰীয়া ১২ বজাৰ পৰা মাৰ্ঘেৰিটাত বাইক ৰেলী আৰু ১-৩০ বজাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব।
৯ এপ্ৰিলত বিয়লি ৪ বজাত তিনিচুকীয়াত ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। আনহাতে, শোণিতপুৰ লোকসভা সমষ্টিত আতিশীৰ কাৰ্যসূচী অনুসৰি ১০ এপ্ৰিলত পুৱা ১১ বজাৰ পৰা ১ বজালৈ তেজপুৰত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিব। ২-৩০ বজাত তেজপুৰৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে এটা ৰোড শ্ব’ত অংশ লব।
আতিশীৰ অসম ভ্ৰমণৰ এই বিস্তৃত কাৰ্যসূচী আজি সংবাদ মাধ্যমক অৱগত কৰে আম আদমী পাৰ্টিৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই।