NORTHEAST NOW (Assamese)
Popular Stories

নিযুক্তি পৰীক্ষাৰ ব্যৱস্থাপনাত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে আপৰ সংবাদমেল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 18, 2024 5:32 pm

“ৰাজ্যজুৰি ইন্টাৰনেট কৰ্তনৰ উপৰি পৰীক্ষা গৃহত ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ পাছতো চৰকাৰে নিকা আৰু স্বচ্ছতাৰে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাত ব্যৰ্থ হৈছে।” আজি গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত দলটোৰ জ্যেষ্ঠ নেত্ৰী পুনম গগৈয়ে এক সংবাদমেলত এই অভিযোগ কৰে।

সংবাদমেলত আপৰ নেত্ৰী গৰাকীয়ে কয় যে পৰীক্ষা গৃহত প্ৰৱেশৰ পূৰ্বে নিৰাপত্তা বিষয়ক তালাচীৰ নামত একাংশ মহিলা পৰীক্ষাৰ্থীৰ শ্লীলতা হানিৰ অভিযোগ উত্থাপন হৈছে। আম আদমী পাৰ্টিয়ে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগক এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছে। সংবাদমেলত আপৰ নেত্ৰী পুনম গগৈৰ অভিযোগ, “এডিআৰৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে কোনো ধৰণৰ এছ অ’ পি নাছিল।

তদুপৰি পৰীক্ষা পৰিচালনাৰ বাবে নিযুক্ত কৰ্মকৰ্তা সকলৰ প্ৰয়োজনীয় প্ৰশিক্ষণৰ অভাৱ আছিল। ইন্টাৰনেট কৰ্তন আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এডিআৰইৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন হোৱা ঘটনাই সমগ্ৰ ব্যৱস্থাটোৰ ওপৰতে সন্দেহৰ সৃষ্টি কৰিছে। চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ উত্তৰবহীৰ ওপৰত চাকৰি প্ৰাৰ্থীৰ নাম উল্লেখ আৰু ফটো সংলগ্ন কৰাৰ নিৰ্দেশ ৰহস্যজনক। এই ব্যৱস্থাই গভীৰ সন্দেহৰ সৃষ্টি কৰিছে।

আনহাতে,  কোনো পৰীক্ষা কেন্দ্ৰ স্থাপন নোহোৱা নগাঁও, ধুবুৰীৰ দৰে জিলাৰ প্ৰাৰ্থীসকলে গুৱাহাটীলৈ আহিবলগীয়া হোৱাত বিভিন্ন ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়। ইন্টাৰনেট সংযোগ বিচ্ছিন্ন কৰি দিয়াৰ বাবে গুগল মেপৰ জৰিয়তে দূৰৱৰ্তী জিলা সমূহৰ প্ৰাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰ বিচাৰি উলিওৱাত সমস্যাৰ সন্মুখীন হয়। যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়। মুঠতে নিযুক্তি পৰীক্ষাৰ নামত ইচ্ছাকৃতভাৱে এক বেমেজালিৰ সৃষ্টি কৰে কৰ্তৃপক্ষই। “

সংবাদমেলত আপ অসমৰ নেত্ৰীগৰাকীয়ে নিযুক্তি পৰীক্ষাৰ প্ৰতিটো অনিয়মৰ অভিযোগৰ সুকীয়া তদন্তৰ দাবী কৰে। সংবাদমেলত আপৰ আন এগৰাকী নেত্ৰী মঞ্জু ডেকা হুছেইনো উপস্থিত থাকে ।