NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰক্ষী থানা, হস্পিটেল স্থাপনৰ আহ্বান আৰণ্যকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 12, 2020 6:24 pm
Kohora Aaranyak urges Assam CM to set up police station, hospital in Kaziranga National Park

আৰণ্যকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এক আধুনিক আৰক্ষী থানা আৰু এখন চিকিৎসালয় স্থাপনৰ বাবে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছে।

ৰাষ্ট্ৰীয় উদ্যানখনৰ চমৎকাৰিতা আৰু আত্মাক প্ৰতিফলিত কৰা এক ভৱন আৰ্হিৰে থানা আৰু চিকিৎসালয় স্থাপন কৰাৰ বাবে সংগঠনটোৱে আহ্বান জনাইছে।

আৰণ্যক জৈৱ বৈচিত্ৰ্যতা আৰু পৰিৱেশ সংৰক্ষণৰ কাৰণে কাম কৰি অহা উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ সংগঠন।

সোণোৱালক দিয়া স্মাৰক পত্ৰত সংগঠনটোৱে গোলাঘাটৰ কহঁৰা আৰক্ষী চকীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰক্ষী থানালৈ উন্নীত কৰাৰ আহ্বান জনাইছে।

“কহঁৰাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ বুলি গণ্য কৰা হয় আৰু বহু হাজাৰ ভাৰতীয় আৰু বিদেশী পৰ্য্যটকে কহঁৰাৰ আশেপাশে লজসমূহত বাস কৰে,” আৰণ্যকৰ চি ই অ’ বিভৱ তালুকদাৰে এক বিবৃতিত কয়।

সংগঠনটোৱে মুখ্য মন্ত্ৰীক প্ৰস্তাৱিত থানাখনত এটা পৰ্য্যটক হেল্পলাইন কাউণ্টাৰ খোলাৰ বাবেও আহ্বান জনায়।

উদ্যানৰ বনৰক্ষীসকল বন্যপ্ৰাণীৰ সঘন আক্ৰমণৰ বলি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তাৱিত চিকিৎসালয়খনত উন্নত চিকিৎসাৰ ব্যৱস্থা ৰখাৰ বাবেও আহ্বান জনায়।