NORTHEAST NOW (Assamese)
অসম

জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি আৰম্ভ হৈছে আছুৰ ১০ ঘন্টীয়া অনশন

Posted by: এন ই নাও নিউজ February 4, 2019 10:09 am
Rangia

সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ সদস্যসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সোমবাৰে ৰাতিপুৱা ৬ বজাৰ পৰা ৰাজ্যজুৰি ১০ ঘন্টীয়া অনশন কাৰ্যসূচী আৰম্ভ কৰিছে।

আছুৰ কৰ্মীসকলে ৰাতিপুৱাৰে পৰা ৰাজ্যৰ প্ৰতিখন জিলা আৰু মহকুমা সদৰসমূহত অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে। আছুৰ কৰ্মীসকলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দি জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবী জনায়।

মহানগৰীৰৰ দীঘলীপুখুৰীৰ পাৰত আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ উদ্যোগত বিধেয়ক বাতিলৰ দাবীত অনশন কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। সেইদৰে ৰঙিয়াতো আছুৰ কৰ্মীয়ে ১০ ঘন্টীয়া অনশনত বহিছে। ৰঙিয়াৰ আছু কৰ্মীসকলে বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈ তেওঁক জাতীয় শত্ৰু হিচাপে অবিহিত কৰে।

আনহাতে, আছুৰ এই ১০ ঘন্টীয়া অনশন কাৰ্যসূচী শিৱসাগৰতো আৰম্ভ কৰা হৈছে। ৰাতিপুৱা ৬ বজাৰ পৰা বিধেয়ক বাতিলৰ দাবীত ঢেকিয়াজুলিতো আছুৰ কৰ্মীয়ে অনশনত বহিছে।

আনহাতে, নৰ্থ ইষ্ট ষ্টুডেন্টছ অ’ৰ্গেনাইজেশ্যন (নেছ’)ৰ  প্ৰতিনিধিয়ে বিধেয়কখনৰ বিৰোধিতাৰ দাবীৰে সাংসদ তথা বিৰোধী দলৰ নেতাসকলৰ সাক্ষাৎ কৰিছে। নেছ’ৰ সদস্যসকলে দেওবাৰে নতুন দিল্লীত কেইবাজনো ৰাজনৈতিক নেতাক সাক্ষাৎ কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰিলে তাৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কখন লোকসভাত ইতিমধ্যে গৃহীত কৰা হৈছে যদিও বিধেয়কখন ৰাজ্যসভাত গৃহীত হ’বলৈ বাকী আছে।