NORTHEAST NOW (Assamese)
অসম

আছুৱে দিছে হাত উজান : শুৱালকুছিত ব্ৰহ্মপুত্ৰৰ বালিচৰত কঠোৰ শাৰীৰিক অনুশীলনত ব্যস্ত ২০০ যুৱক-যুৱতী

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা August 10, 2021 3:50 pm
kka

শুৱালকুছিৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ সেউজ বালিচৰত আজিৰে পৰা কঠোৰ শাৰীৰিক অনুশীলনত ব্যস্ত হৈছে ২০০ যুৱক- যুৱতী।

শুৱালকুছিত আছুৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে আৰক্ষী ভাৰতীয় সেনাৰ নিযুক্তিৰ শাৰীৰিক অনুশীলন শিবিৰ।

কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ ৰয়ে এই শিবিৰত নিযুক্তি দিছে দুগৰাকী CRPF জোৱান।

দুই CRPF জোৱানে শাৰীৰিক অনুশীলনৰ নেতৃত্ব দিব ।

নতুন চৰকাৰ খনে দায়িত্ব লোৱাৰ পাছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীত আৰু কেইবাটাও বেটেলিয়ান কেম্প সৃষ্টিৰে বৃহৎ নিযুক্তি ব্যৱস্থা কৰা  হব বুলি ঘোষণা কৰিছে।

তাৰ পাছতে শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাই যুৱক-যুৱতীসকল শাৰীৰিক প্ৰশিক্ষণ প্ৰদানৰ অভিনৱ কাৰ্যসূচী হাতত লৈছে।

শুৱালকুছি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ আগ্ৰহী যুৱক- যুৱতীয়ে যাতে অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষাত যাতে উত্তীৰ্ণ হব পাৰে তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে আছুৱে।

আজিৰে পৰা ১৫ দিন ধৰি চলিব এই শাৰীৰিক অনুশীলন শিবিৰ। আজিৰ এই অনুষ্ঠান শুভাৰম্ভ কৰা হয়।

অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, আছুৰ উপদেষ্টা প্ৰকাশ দাসকে ধৰি বহু লোক। আশা কৰা হৈছে এই শিবিৰৰ জৰিয়তে উপকৃত হব যুৱক- যুৱতী।