NORTHEAST NOW (Assamese)
অসম

জাগীৰোডত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত আছুৰ বিক্ষোভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 7, 2020 7:35 pm
a photo

আজি শতাধিক আছু কৰ্মীয়ে উত্তাল কৰি তুলে জাগীৰোডৰ সামগ্ৰীক পৰিবেশ ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে জাগীৰোড চহৰৰ মাজ মজিয়াত সদৌ অসম ছাত্ৰ সন্থাৰ জাগীৰোড আঞ্চলিক সমিতিয়েও অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

সাধাৰণ ৰাইজৰ তেজ শুহি খোৱা বিজেপি চৰকাৰ গ’ বেক, যোগান মন্ত্ৰী গ’ বেক, অসম চৰকাৰ হায় হায়, মূল্য বৃদ্ধি ৰোধ কৰক আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷

এই বিক্ষোভ কাৰ্যসূচীত আছুৰ কৰ্মীৰ লগতে স্থানীয় একাংশ লোকেও ভাগ লোৱা দেখা যায়।