NORTHEAST NOW (Assamese)
অসম

তামুলপুৰৰ বিভিন্ন ঠাইত আছুৰ প্ৰতিবাদ, ক’লা পতাকা প্ৰদৰ্শন

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক January 24, 2021 2:11 pm
a mam

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সমগ্ৰ অসমৰ লগতে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা, দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থা আৰু কুমাৰীকাটা আঞ্চলিক ছাত্ৰসন্থাই তামুলপুৰৰ বিভিন্ন প্ৰান্তত CAA আৰু EIA বাতিল, অসম চুক্তি ৰূপায়ণ, খিলঞ্জীয়াৰ ৰক্ষা কবচৰ, ভাৰত-বাংলা সীমান্ত চীল কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

CAA আৰু EIA ৰ দৰে কলা আইন অসমত জাপি দি খিলঞ্জীয়াৰ ভাষা, কৃষ্টি, সংস্কৃতি তথা পৰিচয়ৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা BJP নেতৃত্বাধীন চৰকাৰৰ প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ আগমনত ক’লা দিৱস হিচাপে পালন কৰি ক’লা পতাকা উত্তোলন কৰাৰ লগতে CAA আৰু EIAৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে CAA বাতিল কৰক, EIA বাতিল কৰক, BJP চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী গ’বেক, অমিত শ্বাহ গ’বেগ, সৰ্বানন্দ সণোৱাল হুচিয়াৰ, অসম চৰকাৰ হায় হায়, অসম চুক্তি ৰূপায়ণ কৰক, কা আমি নামানো, গৃহ মন্ত্ৰী অমিত শ্বাহ মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, দিল্লী দিছপুৰ হায় হায় আদি শ্লোগানেৰে তামুলপুৰ উত্তাল কৰি তোলে।