NORTHEAST NOW (Assamese)
Popular Stories

নিজ সমষ্টিতে বিজেপি বিধায়ক মৃনাল শইকীয়াক ক’লা পতাকা প্ৰদৰ্শন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 23, 2020 7:25 pm

পিছে বিধায়কগৰাকী গাড়ীত উঠিবলৈ লওঁতেই সন্মুখিন হয় ক’লা পতাকাৰ। পিছত ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতে অকলেই গাড়ী চলাই সেই স্থান ত্যাগ কৰে বিধায়কগৰাকীয়ে।

‘কা’ বিৰোধী প্ৰতিবাদ অৱহ্যত থকা সময়তে সততে বিভিন্ন মন্তব্য কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা খুমটাই সমষ্টিৰ বিধায়ক মৃনাল  শইকীয়া আজি নিজৰ সমষ্টিতে ক’লা পতাকাৰ সন্মুখীন হ’বলগীয়া হয়।

আজি খুমটাই সমষ্টিৰ এক অনুষ্ঠানত অংশ ল’বলৈ আহি থকা অৱস্থাত শইকীয়াক দেৰগাঁও আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়াই কলা পতাকা প্ৰদৰ্শন কৰে।

আছুৰ কৰ্মীসকলে ‘আমি কা নামানো, মৃনাল শইকীয়া গ’ বেক, মৃনাল শইকীয়া দাদাগিৰি নচলিব, আছু জিন্দাবাদ আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

খুমটাইৰ দুলীয়া গাৱৰ বৰ-নামঘৰৰ ত্ৰি-শতবৰ্ষৰ উদযাপন অনুস্থানলৈ বিশিষ্ট অতিথি হিচাপে  গৈছিল বিধায়ক গৰাকী।