NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত বিজেপিৰ নৱনিযুক্ত মন্ত্ৰী যোগেন মহনক আছুৰ ক’লা পতকা প্ৰদৰ্শন

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ January 19, 2020 4:38 pm

আজি শিৱসাগৰৰ গৌৰিসাগৰত বিজেপিৰ নৱনিযুক্ত মন্ত্ৰী যোগেন মহনক কলা পতাকা প্ৰদৰ্শন কৰে আছুৱে। গুৱাহাটীৰ পৰা নিজ সমষ্টিলৈ আহি থকা অৱস্থাত শিৱসাগৰ জিলাৰ গৌৰিসাগৰৰ মিতং দলঙত যোগেন মহন ক’লা পতকাৰ সন্মুখীন হ’বলগীয়া হয়।

মন্ত্ৰী গৰাকীয়ে নিজ গৃহলৈ আহি থকাৰ খবৰ লাভ কৰি পূৰ্বৰে পৰা তাত ৰৈ থকা আছুৰ শিৱসাগৰ জিলা সমিতিৰ শতাধিক সদস্যই তেওঁক ক’লা পতাকা প্ৰদৰ্শন কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয়, ‘বিজেপিৰ নৱনিযুক্ত মন্ত্ৰী যোগেন মহনে নাগৰিকত্ব (সংশোধন) আইন সমৰ্থন কৰি নাগপুৰৰ ওচৰত আঠু লৈছে তাৰ বিৰোধিতাৰে আজি তেওঁক ক’লা পতকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰিছো।’

যেতিয়ালৈকে ‘কা’ বাতিল নহয় আৰু বিজেপিৰ মন্ত্ৰী বিধায়কে ৰাইজৰ আৱেগ অনুভূতিক সন্মান নকৰে তেতিয়ালৈকে এইদৰে তেওঁলোক প্ৰতিবাদৰ সন্মুখীন হৈ থাকিব বুলি আছু নেতা গৰাকীয়ে মন্তব্য কৰে।

উল্লেখযোগ্য যে শনিবাৰে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন আৰু নিতিচুকীয়াৰ সমষ্টিৰ বিধায়ক সঞ্জয় কিষাকে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।