NORTHEAST NOW (Assamese)
অসম

যোৰহাটত সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে আছুৰ ক’লা পতাকা উত্তোলনেৰে প্ৰতিবাদ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক February 18, 2021 4:17 pm
যোৰহাটত সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে আছুৰ ক’লা পতাকা উত্তোলনেৰে প্ৰতিবাদ

যোৰহাটত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু আটাছু নেতাৰ ওপৰত ৰাজনৈতিক আশীৰ্বাদপুষ্ট গুণ্ডাৰ আক্ৰমণৰ বিৰুদ্ধে আজি আছুই প্ৰতিবাদ সাব্যস্ত কৰে।

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ আহ্বানত আজি টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই টীয়ক ৰাজ্যিক বাছ আস্থানৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰাজহুৱা স্থানত ক’লা পতাকা উত্তোলন কৰি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদী কাৰ্য্যসূচীত আছু কৰ্মী সকলে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত সংঘটিত আক্ৰমণক গৰিহণা দিয়াৰ লগতে এনেধৰণৰ গুণ্ডাগিৰি সহ্য কৰা নহ’ব বুলি সকীয়নি দিয়ে।

প্ৰতিবাদী কাৰ্যসূচীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, মুখ্য সাংগঠনিক সম্পাদক ৰন্টু ভূঞা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পাপু কলিতা, সম্পাদক প্ৰাঞ্জল দত্ত, সহকাৰী সম্পাদক দীপাংকৰ দাসকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে।