NORTHEAST NOW (Assamese)
অসম

প্ৰধান মন্ত্ৰী, মুখ্য মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহেৰে চামগুৰিত CAB ৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা December 6, 2019 8:35 am
protest against CAB

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে বিভিন্ন দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে নগাঁও জিলাৰ চামগুৰিত ৫ ডিচেম্বৰত সদৌ অসম ছাত্ৰ সন্থাই প্ৰধান মন্ত্ৰী, অসমৰ মুখ্য মন্ত্ৰী আৰু মন্ত্ৰী অতুল বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ  প্ৰতিবাদ সাব্যস্ত কৰে।

৫ ডিচেম্বৰ দুপৰীয়া চামগুৰি তিনি আলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ শতাধিক সদস্যই কেবৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্য মন্ত্ৰী  সৰ্বানন্দ সোণোৱাল আৰু অগপৰ মন্ত্ৰী অতুল বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদেৰে আকাশ বতাহ কপাই তোলে।

প্ৰতিমূৰ্তি দাহ কৰাৰ সময়ত চামগুৰি আৰক্ষী থানাৰ আৰক্ষীৰ দল প্ৰতিবাদ স্থলীত উপস্থিত নোহোৱাৰ বাবে ৰাজপথৰ দুয়ো দিশে তীব্ৰ যানজঁটৰ সৃষ্টি হয়।

আনহাতে, একেদিনাই পুৰণিগুদামত পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা-কৰ্মী সকলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অগপৰ তিনি মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী সহ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।