NORTHEAST NOW (Assamese)
অসম

স্তিমিত হোৱা নাই কা-বিৰোধী আন্দোলন; আজি ৰাজ্যজুৰি আছুৰ নেতৃত্বত জোঁৰ সমদল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 8, 2020 10:07 am
DSC_0918-1

সদৌ অসম ছাত্ৰ সন্থা(আছু),অসম জাতীয়তাবাদী যুৱ ছা্ৰ পৰিষদ, শিল্পী সমাজ আৰু অন্যান্য সংগঠনে শনিবাৰে ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জোঁৰ সমদল উলিয়াব।

শুকুৰবাৰে কোকৰাঝাৰত এখন বৃহৎ সমাৱেশত ভাষণ দি প্ৰধান মন্ত্ৰী মোদীয়ে কা-কলৈ অসমৰ জনসাধাৰণ আশ্বস্ত কৰাৰ চেষ্টা কৰিছিল।

আছু আৰু কা-বিৰোধী সংগঠনসমূহে সদৰী কৰে যে অসম চুক্তিৰ দফা উলংঘা কৰা এইখন এখন খিলঞ্জীয়া বিৰোধী আইন আৰু ইয়াক অসমৰ জনসাধাৰণৰ ইচ্ছাৰ বিৰুদ্ধে জাপি দিব বিচৰা হৈছে।

‘’আইনখনৰ বিৰুদ্ধে আমাৰ গণতান্ত্ৰিক আৰু শৃংখলাবদ্ধ আন্দোলন চলি থাকিব,’’-আছুৱে এক বিবৃতিত কয়।

আছুৰ নেতা দীপাংক কুমাৰ নাথ, লুৰিনজ্যোতি গগৈ, অ:জা:যু:ছা:পৰ নেতা ৰাণা প্ৰতাপ বৰুৱা, পলাশ চাংমাই আৰু আন সংগঠনসমূহৰ প্ৰতিনিধিয়ে অসমৰ জনসাধাৰণক জোঁৰ সমদলত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

গুৱাহাটীত আজি সন্ধিয়া মহানগৰীৰ উজান বজাৰত থকা আছুৰ শ্বহীদ ভৱনৰ পৰা সমদলটো আৰম্ভ হ’ব।