NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে শিৱসাগৰত আছুৰ বাইক ৰেলী

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ November 30, 2019 7:51 pm

সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজি শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত এক বিশাল বাইক ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।

আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন আদিৰ নেতৃত্বত সংগঠনটোৰ তিনি শতাধিক সদস্যই ‘নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ’ব, জাতিধ্বংসী সিদ্ধান্ত বাতিল কৰক, বিজেপি মূৰ্দাবাদ’ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

আছুৰ শিৱসাগৰ আঞ্চলিকৰ সভাপতি মানৱজ্যোতি কলিতা আৰু সম্পাদক দীপাংকৰ শইকীয়াই কয়, ‘অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিম বুলি প্ৰতিশ্ৰুতি দি গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে আজি অসম চুক্তিক নস্যাৎ কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে।’

‘আমি কোনো কাৰণত নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলও। এই বিধেয়কৰ বিৰুদ্ধে অসমৰ গাঁৱে ভূঞে থকা জনতাক সজাগ কৰিবলৈ আজি সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসমতে বাইক ৰেলী কৰিছে।’ তেওঁলোকে লগতে কয়।

শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা আৰম্ভ কৰা উক্ত ৰেলী ৰংঘৰ চাৰিআলি, মেটেকা, জয়সাগৰ, ৰূদ্ৰসাগৰ, জোনাকী নগৰ, ধাইআলি-জেঙনীকটীয়া হৈ প্ৰগতি চাৰিআলি যমুনা ৰোডেৰে ষ্টেচন চাৰিআলি, বি জি ৰোড, ফুকন নগৰ পৰিভ্ৰমণ কৰি বিধেয়কৰ বিৰোধিতা কৰিবলৈ বাবে ৰাইজক আহ্বান জনায়।