NORTHEAST NOW (Assamese)
অসম

চামগুৰিত আছুৰ সদস্যক আক্ৰমণ বন্ধ বিৰোধীৰ; চাৰিজনক আটক

Posted by: বিদ্যুৎ জ্যোতি বৰা Updated by: বিদ্যুৎ জ্যোতি বৰা December 10, 2019 9:10 pm

নেছ’ই আজি আহ্বান জনোৱা উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ প্ৰভাৱ সমগ্ৰ ৰাজ্যতে সৰ্বাত্মক ভাৱে পৰে। আজি নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিত বন্ধক কেন্দ্ৰ কৰি একাংশ বন্ধ বিৰোধী আৰু সমৰ্থনকাৰীৰ মাজত হতাহতি হয়।

জানিব পৰা মতে আজি উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সময়ত চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ একাংশই আমনিৰ নাথ ষ্ট’ৰ নামৰ দোকানখন খোলা থকাৰ বাবে প্ৰতিবাদ কৰে।

ইয়াৰ পিছতে একাংশ আছু কৰ্মীয়ে দোকানখনৰ ফালে আগবাঢ়ি যোৱাৰ সময়তে মহিলাসহ একাংশ উদণ্ড বাঙালী সম্প্ৰদায়ৰ লোকে হাতে হাতে বাঁহ আৰু লাঠী লৈ ছাত্ৰ দলটোক আক্ৰমণ কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। ফলত পিছত শতাধিক আছু কৰ্মীয়ে আক্ৰমণকাৰীৰ বাসগৃহৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

পৰৱৰ্তী সময়ত কলিয়াবৰ আৰু নগাঁৱৰ পৰা উচ্চ পদস্থ আৰক্ষীসহ প্ৰশাসনিক বিষয়াৰ দল আহি ঘটনাস্থলীত উপস্থিত হৈ তিনি মহিলাসহ চাৰি অভিযুক্তক আটক কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। অভিযুক্ত আক্ৰমণকাৰীৰ এজন ‘ডি’ ভোটাৰ বুলি স্থানীয় গাঁওবুঢ়া গৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে অগপৰ চামগুৰি সমষ্টিৰ সমিতিৰ সম্পাদক তথা সাংগঠনিক সম্পাদক পূৰ্ণানন্দ বাৰিকে অগপৰ দুৰ্বল স্থিতি আৰু জাতি ধ্বংসী বিধেয়কৰ সপক্ষে অৱস্থান কৰাৰ বাবে দলটোৰ পৰা আজি পদত্যাগ কৰিছে বুলি জানিব পৰা গৈছে।