NORTHEAST NOW (Assamese)

জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলনৰ হুংকাৰ আটছাৰ নতুন নেতৃত্বৰ

October 21, 2025 2:59 pm · এন ই নাও নিউজ, গুৱাহাটী

মৰিয়নী মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত আটছাৰ (অসম চাহ জনজাতি ছাত্ৰ সংঘ)ৰ ঊনবিংশতিতম সাধাৰণ অধিৱেশনত ননিৰ্বাচিত সভাপতি জগদীশ বৰাইক আৰু সাধাৰণ সম্পাদক সুনীল তিকীয়ে দায়িত্ব গ্ৰহণ কৰি কঠোৰ হুংকাৰ দিছে। তেওঁলোকে কয় যে, “চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী দীৰ্ঘদিন ধৰি চলি আহিছে যদিও চৰকাৰে বিশেষ গুৰুত্ব দিয়া নাই। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগতে এই বিষয় মীমাংসা নহ’লে চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন চলিব।”

তেওঁ আৰু কয় যে ৰাজ্যজুৰি বিভিন্ন স্তৰত বৰ্তমান চলি থকা আন্দোলনৰ পিছতো চৰকাৰী সদিচ্ছাৰ অভাৱতেই চাহ জনগোষ্ঠী পিছপৰি আছে। নতুন নেতৃত্বই লগতে কয় যে, “চাহ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদান কৰক আৰু দুশ বছৰীয়া পুৰণি জনগোষ্ঠীটোক প্ৰবঞ্চনা কৰিবলৈ এৰক।” তেওঁলোকে অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰতি চাহ জনগোষ্ঠীৰ অৱদানক স্বীকাৰ কৰি কয় যে এই পিছপৰা জাতিৰ সামগ্ৰিক উন্নয়ন সকলোৰে সহযোগিতাতে থাকিব লাগে। কেৱল ৰাজপথৰ আন্দোলন নহয়, আৰ্থিক-সামাজিক কামকাজৰ জৰিয়তে জাতি আগবঢ়াই নিবলৈ সংগঠনৰ প্ৰচেষ্টা চলি আছে বুলি তেওঁলোকে জনাইছে।

অধিৱেশনত পূৰ্ব সভাপতি ধীৰাজ গোৱালাই সকলোক বিদায় জনাই কৈছে যে নতুন নেতৃত্বৰ হাতত আটছা শক্তিশালী হৈ উঠিব। নতুন নেতৃত্ব কৈছে যে আটছা কেৱল চাহ জনগোষ্ঠীৰ সমস্যাতে সীমাবদ্ধ নহয়ে, অসমৰ সকলো জাতীয় সমস্যাত দায়বদ্ধ হৈ থাকিব। অসমৰ সমস্যা আমাৰ সমস্যা আৰু আমি বৃহত্তৰ অসমীয়া জাতিৰ প্ৰতিনিধিত্ব কৰোঁ বুলি মত পোষণ কৰিছে।

Related News