NORTHEAST NOW (Assamese)
অসম

১০০ ঘণ্টীয়া অ’ এন জি চি বন্ধৰ আহ্বান আটাছু শিৱসাগৰ জিলা সমিতিৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ September 20, 2019 5:50 pm
AATSU protest

অসমৰ তৈল ক্ষেত্ৰসমূহ ব্যক্তিগত প্ৰতিষ্ঠানক গটোৱাৰ বিৰোধিতাৰে সদৌ তাই আহোম ছাত্ৰ সন্থা(আটাছু)ৰ শিৱসাগৰ জিলা সমিতিয়ে ২৪ ছেপ্টেম্বৰ ৰাতিপুৱা ৫ বজাৰ পৰা ২৮ ছেপ্টেম্বৰ পুৱা ৯ বজালৈ ১০০ ঘণ্টীয়া অ’ এন জি চি বন্ধৰ আহ্বান জনাইছে।

সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ধমেন গগৈ, কাৰ্য্যকৰী সভাপতি মৌচম বুঢ়াগোঁহাই আৰু যুটীয়া সম্পাদক মাসন সন্দিকৈ আৰু নিপন বৰুৱাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিৰ যোগেৰে ১০০ ঘণ্টীয়া অ’ এন জি চি বন্ধৰ কথা ৰাজহুৱা কৰে।

অ’এনজিচিয়ে ষাঠিৰ দশকৰ পৰাই শিৱসাগৰ, নাজিৰা, গেলেকী, লাকুৱাত খনন কাৰ্য চলাই লাভ অৰ্জন কৰি অহাৰ পাছতো অসম বিৰোধী এটা চক্ৰই লাভজনক গেলেকী, ডিমুৱাল, লাইপলেং আদি তৈল ক্ষেত্ৰসমূহ ব্যক্তিগত কোম্পানীক গটোৱাৰ যি পৰিকল্পনা হাতত লৈছে, সেই পৰিকল্পনা শীঘ্ৰে ত্যাগ কৰাৰ বাবে দাবী জনাই আটাছুৱে।

আনহাতে, অ’এনজিচিৰ অসম সম্পদৰ মুখ্য কাৰ্যালয় নাজিৰাৰ পৰা স্থানান্তৰ কৰি অন্য ঠাইলৈ নিয়া কাৰ্য্যও স্থগিত ৰখিবলৈ  দাবী জনায় সংগঠনটোৱে।

তদুপৰি, আটাছুৱে প্ৰেছ বিবৃতিটোত শিৱসাগৰ জিলাৰ দৰিদ্ৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বছৰেকীয়া বিশেষ জলপানিৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু আহোম অধ্যুষিত অঞ্চলৰ শিক্ষিত নিবনুৱাসকলৰ বাবে এককালীন সাহাৰ্য পুঁজিৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে।

অ’এনজিচিয়ে চিভিলৰ এ আৰ চি কামৰ নিবিদাৰ যি  চৰ্ত আৰোপ কৰিছে তাৰ পৰা শিক্ষিত, থলুৱা  নিবনুৱা যুৱক যুৱতী লাভাম্বিত হোৱাৰ পৰিবৰ্তে কেইজনমান মুষ্টিমেয়  পুঁজিপতি ঠিকাদাৰেহে ৪ বছৰ এ আৰ চিৰ কাম কৰি থাকিব পাৰিব বুলিও সংগঠনটোৱে অভিযোগ কৰে।