NORTHEAST NOW (Assamese)
অসম

চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ কৰ্তৃত্ব অৰাজনৈতিক সংগঠনক প্ৰদানৰ আহ্বান “আটছা”ৰ

Posted by: উত্তম শইকীয়া, বোকাখাত Updated by: উত্তম শইকীয়া, বোকাখাত October 25, 2021 10:45 am
IMG-20211025-WA0026

AATSA appeals to the Govt. বোকাখাতৰ সত্যনাৰায়ণ সেৱা সদনৰ প্ৰেক্ষাগৃহত দেওবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা আৰু চাহ জনগোষ্ঠীৰ প্ৰায় ৫৯ টা জাতি সমাজৰ এক গুৰুত্বপুৰ্ণ বৈঠক অনুষ্ঠিত হয়।

এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ পুৱা সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি ধীৰাজ গোৱালাই। স্মৃতি তৰ্পণ কৰে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অনন্ত সোণাই।

পৰৱৰ্তী সময়ত আটছাৰ সভাপতি ধীৰাজ গোৱালাৰ সভাপতিত্বত আৰম্ভ হয় চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ সম্পৰ্কে প্ৰায় ৫৯ টা জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে গুৰুত্বপুৰ্ণ বৈঠক ৷

বৈঠকত অসম চৰকাৰে চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ কৰ্তৃত্ব এক অৰাজনৈতিক তথা জনগোষ্ঠীটোৰ সকলো সমাজৰ গ্ৰহণযোগ্য এক সংগঠনক প্ৰদান কৰিব লাগে বুলি আটছাই প্ৰস্তাৱ আগবঢ়ায় ৷

আটছাৰ এই প্ৰস্তাৱৰ প্ৰতি সভাত উপস্থিত সকলোৱে সমৰ্থন জনায় আৰু উক্ত সংগঠনটো ৰাজনৈতিক প্ৰভাৱ মুক্ত হ’ব লাগে বুলি মত প্ৰকাশ কৰে।

এই ক্ষেত্ৰত অহা নবেম্বৰ মাহৰ ভিতৰত সকলোবোৰ জাতি সমাজক একত্ৰিত কৰি এক অভিৱৰ্তনৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিব লগীয়া জনগোষ্ঠীটোৰ জাতিগত প্ৰমাণ পত্ৰৰ কৰ্তৃত্ব প্ৰদানৰ বাবে অসম চৰকাৰক দাবী জনাবলৈ আটছাক দায়িত্ব গ্ৰহণ কৰিবলৈ সভাই আহ্বান জনায় ৷

বৈঠকত বিশিষ্ট লেখক তথা সাহিত্যিক সঞ্জয় কুমাৰ তাঁতী, মানিকলাল মাহাতো, জননী বাৰ্তা কাকতৰ সম্পাদক মাখনলাল বাঢ়ৈ আদি বিশিষ্ট লোকৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেইবাজনো প্রাক্তন বিষয়ববীয়াও উপস্থিত থাকে ৷

এই অনুষ্ঠানত সদৌ অসম কুড়ুক (ওৰাওঁ) সমাজ, কুৰ্মী সমাজ, উড়িয়া সমাজ, মুণ্ডা সমাজ, চাওঁৰা, সমাজকে ধৰি প্ৰায় ৫৯টা জাতি সমাজে অংশ গ্রহণ কৰে।