NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ লখৌজান চাহ বাগিচাত আটছাৰ প্ৰতিবাদ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া August 27, 2020 8:58 pm
AATTSA protests in Bokakhat’s Lakhoujan tea estate, demands wage hike of workers

সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই বৃহস্পতিবাৰে বোকাখাতৰ লখৌজান চাহ বাগিচাত শ্ৰমিকৰ মজুৰি বৃদ্ধিকে ধৰি বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আটছা বোকাখাত শাখাই লখৌজান চাহ বাগিচাৰ প্ৰাথমিক গোটৰ সহযোগত বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ জনায়।

মূলতঃ চাহ শ্ৰমিকৰ নিম্নতম দৈনিক মজুৰি ৩৫১ টকা কৰা, শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

প্ৰতিবাদী কাৰ্যসূচীৰ শেষত বাগিচাখনৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত পৰিচালকৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়৷

প্রতিবাদী কার্যসূচীত ছাত্ৰ সংগঠনটোৰ গোলাঘাট জিলাৰ সম্পাদক কুমুদ কালিন্দী, বোকাখাত শাখাৰ সভাপতি সুৰজিৎ পাইক, সম্পাদক অমৃত সাগৰ, বোকাখাত শাখাৰ সম্পাদক কিষান তাঁতী, নুমলীগড় উপ-শাখাৰ সভাপতি-সম্পাদক, লখৌজান চাহ বাগিচাৰ বাগিচা সংঘৰ সভাপতি  আশীষ বাউৰী, সম্পাদক লক্ষ্মণ বাউৰীৰ লগতে আটছাৰ বিষয়ববীয়া আৰু লখৌজান চাহ বাগিচাৰ ৰাইজ উপস্থিত থাকে৷