NORTHEAST NOW (Assamese)

ক্ৰিকেট কেৰিয়াৰ সামৰিলে Mr. 360 এবি ডে ভিলিয়াৰ্চে

November 19, 2021 4:12 pm · এন ই নাও নিউজ, গুৱাহাটী

আধুনিক ক্ৰিকেট জগতৰ আটাইতকৈ আক্ৰমণাত্মক খেলুৱৈ সকলৰ অন্যতম, ক্ৰিকেট জগতত Mr. 360 হিচাপে পৰিচিত দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ এবি ডে ভিলিয়াৰ্চে সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা আজি অৱসৰ ঘোষণা কৰিছে।

টুইটাৰ যোগে অৱসৰৰ কথা সদৰী কৰি ক্ৰিকেটাৰ গৰাকীয়ে কয়, “মই সকলো ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো। এইটো এটা অবিশ্বাস্য যাত্ৰা আছিল। মোৰ জেষ্ঠ ভাতৃ সকলৰ সৈতে চোতালত খেলাৰ পৰা মই বিশুদ্ধ উপভোগ আৰু নিয়ন্ত্ৰণহীন উৎসাহেৰে ক্ৰিকেট খেলিছো। এতিয়া ৩৭ বছৰ বয়সত সেই ধাৰাটো আৰু উজ্জ্বলভাৱে অব্যাহত নাথাকে।”

“ক্ৰিকেট মোৰ প্ৰতি অসাধাৰণ দয়ালু” বুলি উল্লেখ কৰি ভিলিয়াৰ্চে কয়, “টাইটানছ, প্ৰটিয়া, আৰচিবি, বা সমগ্ৰ বিশ্বতেই হওক, ক্ৰিকেটে মোক অকল্পিত অভিজ্ঞতা আৰু সুযোগ প্ৰদান কৰিছে আৰু মই সদায় কৃতজ্ঞ হৈ থাকিম।”

 

তেওঁৰ কেৰিয়াৰত পৰিয়ালৰ ত্যাগৰ কথা স্বীকাৰ কৰি ভিলিয়াৰ্চে ক্ৰিকেট জীৱনৰ প্ৰতিজন সতীৰ্থ, প্ৰতিজন প্ৰতিদ্বন্দী, প্ৰতিজন প্ৰশিক্ষক, প্ৰতিজন ফিজিঅ’ আৰু ক্ৰিকেটৰ লগত জড়িত প্ৰতিজন কৰ্মচাৰীক ধন্যবাদ জনায় আৰু ক্ৰিকেট অনুৰাগীৰ দ্বাৰ লাভ কৰা সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

উল্লেখ্য যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ এজন গুৰুত্বপূৰ্ণ সদস্য ডে ভিলিয়াৰ্চে দলটোৰ হৈ ১৮৪ খন আই পি এল খেলত অংশগ্ৰহণ কৰিছিল।

ভিলিয়াৰ্ছে আই পি এলত সৰ্বকালৰ ৰাণ সংগ্ৰহকাৰীৰ তালিকাত ৩৯.৭০ গড়ে ১৮৪ খন খেলত ৫,১৬২ ৰাণ সংগ্ৰহ কৰি ষষ্ঠ স্থানত আছে।

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেটাৰজনে বিশ্বৰ বিভিন্ন লীগত ৩৪০ খন টি-২০ খেলত অংশগ্ৰহণ কৰিছিল।

অৱশ্যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ডে ভিলিয়াৰ্চে ২০১৮ চনৰ মে’ মাহতে অৱসৰ লৈছিল। দক্ষিণ আফ্ৰিকাৰ হৈ খেলুৱৈজনে ১১৪ খন টেষ্ট, ২২৮ খন এদিনীয়া আৰু ৭৮ খন টি-২০ খেলত অংশগ্ৰহণ কৰিছিল।

Related News